গুৱাহাটী,৯ জুন:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ নাম সাঙোৰ খাই পৰা PPE কিট কেলেংকাৰী(Himanta Biswa Sharma and his family accused of PPE kit scam)ৰ CBIৰ তদন্তৰ লগতে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত বৃহস্পতিবাৰে গণেশগুৰিত আম আদমি পার্টীয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰে(AAP protest against CM Himanta Biswa Sharma and his family) । আপৰ পাঁচ শতাধিক সদস্যই গণেশগুৰিত ‘বিজেপি চৰকাৰ হায় হায়, বিজেপি গ’ বেক, PPE কিট কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰক’, ‘মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক’ আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।
দলটোৱে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বেনাৰ, প'ষ্টাৰ, প্লে’কাৰ্ড আদি প্ৰদৰ্শন কৰে । আম আদমি পাৰ্টীয়ে অভিযোগ উত্থাপন কৰা হয় যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া ২০২০ চনত অসমৰ স্বাস্থ্যমন্ত্রী আছিল, তেতিয়া তেওঁৰ পত্নীৰ কোম্পানী জে চি বি ইণ্ডাট্রিজ আৰু তেওঁৰ পৰিয়ালৰ সহযোগী কোম্পানী ‘মেডিটাইম হেলথ্ কেয়াৰে এটাত ৯৯০ টকাকৈ PPE কিট যোগানৰ ঠিকা লাভ কৰিছিল ।
চৰকাৰে কিট্সমূহ এটাত ৬০০ টকা দৰত কিনাৰ অৱকাশ থকাৰ পিছতো এনে কৰা হৈছিল । এই ঘটনাৰ CBI তদন্ত বিচাৰিছে দলটোৱে । দলটোৱে অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ থকা চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ব্লেক লিষ্টেড কৰা ৰাজীৱ বৰাৰ মালিকাধীন এজাইল এছ’ছিয়েশ্যনক হিমন্ত বিশ্ব শৰ্মাই ২০২০ চনৰ ১০ এপ্ৰিলত পিপিই কিট্ যোগানৰ অনুমোদন দিছিল ২,২০৫ টকাকৈ ।
আম আদমি পাটীয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীক অসমৰ সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰীৰূপে পৰিগণিত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি চৰকাৰ বিৰোধী ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । এই সন্দৰ্ভত আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে আৰু তেওঁৰ পত্নী ৰিণিকি ভুঞা শৰ্মা আৰু ঘনশ্যাম ধনুকাৰ কোম্পানীৰ বিৰুদ্ধেও তদন্ত কৰি সেইসকলক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনায় ।