অসম

assam

By

Published : May 10, 2022, 3:53 PM IST

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিফলতাৰ এবছৰ শীর্ষক প্ৰতিবাদ

ধুমধামেৰে উদযাপন কৰা হৈছে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি (Himanta Biswa Sarma Govt Anniversary)৷ বৰ্ষপূৰ্তিৰ অনুষ্ঠানত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ ৷ তাৰ মাজতে আম আদমি পাৰ্টিৰ অসম ৰাজ্যিকে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ড৹ শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ এবছৰীয়া বিফলতাৰ অভিযোগেৰে সাব্যস্ত কৰা হ’ল প্ৰতিবাদ (AAP protest in Guwahati)৷

Himanta Biswa Sarma Govt Anniversary
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিফলতাৰ এবছৰ শীর্ষক প্ৰতিবাদ

গুৱাহাটী, ১০ মে’: গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত আম আদমী পাৰ্টীৰ প্ৰতিবাদ (AAP protest in Guwahati)। নেহেৰু ষ্টেডিয়ামত গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠান চলি থকাৰ সময়তে আপৰ কর্মীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এবছৰীয়া(Himanta Biswa Sarma Govt Anniversary) শাসনকালত ব্যৰ্থতাৰ অভিযোগেৰে সাব্যস্ত কৰে প্ৰতিবাদ । বিগত এবছৰ পূৰ্বে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণত চূড়ান্ত ব্যৰ্থ হৈছে হিমন্ত নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰ- এই অভিযোগ আম আদমী পাৰ্টীৰ ।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিফলতাৰ এবছৰ শীর্ষক প্ৰতিবাদ

উল্লেখ্য যে, এই বৰ্ষৰ ৩১ মার্চৰ পূৰ্বে গণি গণি এক লাখ চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই ৰ’ল (One Lakh govt job assurance)। একেদৰে মহানগৰীৰ খোৱাপানীৰ সমস্যা আজি পৰ্যন্ত দূৰ নহ’ল বুলি অভিযোগ উত্থাপন কৰে আপে । অসম চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠানলৈ গৃহমন্ত্ৰী অমিত শ্বাহ আহিছে (Amit Shah in Guwahati)। অসম চৰকাৰে স্বাগতম, ধন্যবাদ জনাইছে কি কাৰণত ? অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ইমান দিনে কি পালে বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে আপকৰ্মীসকলে কয় যে ভাৰত চৰকাৰে কেৱল লুণ্ঠনহে কৰি গ’ল ৷

হিমন্ত বিশ্ব শৰ্মা গ' বেক, অমিত শ্বাহ গ' বেক, বিজেপি হায় হায়, অসম চৰকাৰে লুটিলে, মূল্যবৃদ্ধি হ্ৰাস কৰক আদি বিভিন্ন শ্লোগান প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে । আপৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে দলটোৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভৱেন সন্দিকৈ, কমল কুমাৰ মেধি, জিতুল ডেকা প্ৰমুখ্যে প্ৰায় শতাধিক আপকর্মীয়ে ।

লগতে পঢ়ক:প্ৰথম বছৰৰ খতিয়ান: কিহত সফল, কিহত বিফল ড৹ শৰ্মাৰ চৰকাৰ

ABOUT THE AUTHOR

...view details