গুৱাহাটী,17 জুন:মহানগৰীৰ মাজমজিয়াৰ গুৱাহাটী ক্লাৱত আম আদমী পাৰ্টিৰ সাব্যস্ত প্ৰতিবাদ ৷ ৰাজ্যত সংঘটিত গণহত্যাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে ৷ গণহত্যা বন্ধ কৰাৰ লগতে যোৰহাটৰ যুৱক জয়ন্ত বৰাৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা দলটোৱে এনেধৰণৰ ঘটনা নিয়ন্ত্ৰণৰ বাবে চৰকাৰক উচিত পদক্ষেপ লবলৈ দাবী জনায় ।
গণহত্যাৰ বিচাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত আম আদমী পাৰ্টিৰ - AAP Guwahati
ৰাজ্যত সংঘটিত গণহত্যাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে ৷ এই কাণ্ডত জড়িত দোষীক ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই প্ৰতিবাদী দলটোৱে ৷

প্ৰতিবাদ সাব্যস্ত আম আদমী পাৰ্টিৰ
প্ৰতিবাদ সাব্যস্ত আম আদমী পাৰ্টিৰ
দিনক দিনে বাঢ়ি অহা গণহত্যাৰ ঘটনা সম্পৰ্কে বিজেপি শাসনাধীন চৰকাৰে বিচাৰ কৰাত ব্যৰ্থ হোৱা বুলি দাবী কৰে দলটোৰ যুটীয়া সমন্বয়ক আব্দুল ৱাহিদে ৷ গণহত্যাৰ লগত জড়িত সকলো দোষীক ফাৰ্ষ্টট্ৰেক আদালতৰ জৰিয়তে উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টীয়ে ।
লগতে চাওকঃমুছলপুৰত বিজেপিৰ জনসম্পৰ্কৰক্ষী অভিযান