গুৱাহাটী, 6 জুনঃপি পি ই কিট কেলেংকাৰীৰ তদন্তৰ দাবীত 'আপ'ৰ প্ৰতিবাদ । কমল কুমাৰ মেধিৰ নেতৃত্বত সোমবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত আপে প্ৰতিবাদ সাব্যস্ত কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, ৰিনিকী ভূঞাক গ্ৰেপ্তাৰ কৰক, অসমীয়াৰ তেজ শুহি খোৱা মুখ্যমন্ত্ৰী হায় হায়, পি পি ই কিটৰ দুৰ্নীতিৰ তদন্ত কৰক আদি শ্ল'গান দি হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
প্ৰতিবাদ সাব্যস্ত কৰি কমল কুমাৰ মেধীয়ে কয় যে সৰ্বভাৰতীয় পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মা আৰু পৰিয়ালৰ কেলেংকাৰী আপৰ নেতৃত্বই সৰ্বভাৰতীয় প্ৰেক্ষাপটত বিষয়টো উত্থাপন কৰিছে । হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে (AAP demanded resignation of CM Himanta Biswa Sarma)। অনতিবিলম্বে হিমন্ত বিশ্ব শৰ্মা আৰু পৰিয়ালৰ ওপৰত তদন্ত হোৱাৰ লগতে ঘনশ্যাম ধনুকাৰ বিৰুদ্ধেও তদন্ত হব লাগে । হিমন্ত বিশ্ব শৰ্মা এইবাৰ সাৰি যাব নোৱাৰিব ।