অসম

assam

GMC elections 2022: গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ চলালে আপৰ নেত্ৰী আতিশী মাৰ্লিনাই

By

Published : Apr 20, 2022, 10:38 PM IST

বুধবাৰে গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ চলালে আম আদমী পাৰ্টীৰ নেত্ৰী তথা দিল্লীৰ বিধায়ক আতিশী মাৰ্লিনাই (Atishi Marlena in Guwahati)৷ আপৰ নেত্ৰীগৰাকীয়েও গুৱাহাটীৰ খোৱাপানীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ৷ বিজেপি, কংগ্ৰেছ, অগপ কেউটা দলকে সমালোচনা কৰে নেত্ৰীগৰাকীয়ে ৷

GMC elections 2022
গুৱাহাটীত নিৰ্বাচনী প্ৰচাৰ চলালে আপৰ নেত্ৰী আতিশী মাৰ্লিনাই

গুৱাহাটী, 20 এপ্ৰিল: গুৱাহাটী পৌৰ নিগম আম আদমী পাৰ্টীয়ে দখল কৰিব পাৰিলে অহা পাঁচ বছৰৰ ভিতৰত গুৱাহাটীবাসীক খোৱাপানী যোগান ধৰিব বুলি আম আদমী পাৰ্টীৰ নেত্ৰী তথা দিল্লীৰ বিধায়ক আতিশী মাৰ্লিনাই নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে (Atishi Marlena in Guwahati) । গুৱাহাটীত আম আদমী পাৰ্টীৰ হৈ পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বুধবাৰে আতিশী মাৰ্লিনাই এই মন্তব্য কৰে (Atishi Marlena campaigns for GMC Election)।

উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমৰ ৬০ ৱাৰ্ডৰ ভিতৰত ৩৯ টা ৱাৰ্ডত আম আদমী পাৰ্টীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে । গুৱাহাটীত সংবাদমেল সম্বোধন কৰি আতিশী মাৰ্লিনাই কয় যে, খোৱাপানীৰ সমস্যাৰ ক্ষেত্ৰত দিল্লীতকৈ গুৱাহাটীৰ অৱস্থা অতি বেয়া (Drinking water problem in Guwahati)। তেওঁ কয়, আমাৰ চৰকাৰ অহাৰ পূৰ্বে দিল্লীত খোৱা পানীৰ ভয়ংকৰ সমস্যা আছিল (Guwahati compares with Delhi)। আমাৰ চৰকাৰ অহাৰ পাছত দিল্লীৰ সকলো নাগৰিকক বিনামূলীয়াকৈ খোৱাপানী যোগান ধৰা হৈছে ।

গতিকে গুৱাহাটী পৌৰ নিগম গঠন কৰিব পাৰিলে আমাৰ দলে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব । কাৰণ আমাৰ দলে উপৰুৱাকৈ প্ৰতিশ্ৰুতি নিদিয়ে । যি প্ৰতিশ্ৰুতি দিয়ে সেয়া আখৰে আখৰে পালন কৰে । দিল্লী তাৰে এক উদাহৰণ বুলি মন্তব্য কৰে আপৰ নেত্ৰীগৰাকীয়ে ৷ লগতে তেওঁ কয়, গুৱাহাটীত আহি গুৱাহাটীৰ সমস্যাবোৰ দেখি দুখ লাগিছে । যোৱা ছয় বছৰত বিজেপি চৰকাৰে কিয় গুৱাহাটীবাসীক খোৱা পানী যোগান ধৰিব নোৱাৰিলে । কিয় অসমৰ চৰকাৰী শিক্ষা ব্যৱস্থা উন্নত কৰিব নোৱাৰিলে বুলিও প্ৰশ্ন কৰে নেত্ৰীগৰাকীয়ে ৷

আতিশী মাৰ্লিনাই কয় যে অকল বিজেপিয়েই নহয়, কংগ্ৰেছ, অগপ দলেও অসমৰ মানুহক লুটি পুতি খালে । বিজেপি, কংগ্ৰেছ, অগপ দলৰ নেতাসকলৰ সম্পত্তি, ঘৰ, গাড়ী দেখিলে নিশ্চিত হ'ব পাৰি যে তেওঁলোকে অসমৰ মানুহক লুটি পুতি খাইছে । উল্লেখ্য যে, আতিশী মালেনা বুধবাৰে আম আদমী পাৰ্টীৰ প্ৰাৰ্থীৰ হৈ গুৱাহাটীৰ বিভিন্ন ঠাইত প্ৰচাৰ অভিযান চলায় ।

লগতে পঢ়ক:GMC Election 2022: প্ৰচাৰৰ অন্ত পেলাই নিৰ্বাচনৰ বাবে সাজু ৫৭ টা ৱাৰ্ডৰ ১৯৭ গৰাকী প্ৰাৰ্থী

ABOUT THE AUTHOR

...view details