অসম

assam

ETV Bharat / state

বিৰোধী ঐক্যত আউল; একতাৰ চৰুত চাউল সিজা নাই আপৰ !

দিল্লীৰ প্ৰভাৱ অসমত পৰাৰ সম্ভাৱনা । বিৰোধী ঐক্যমঞ্চত নাথাকিব পাৰে আপ । 'একলা চলো’ নীতিৰে আপে আগন্তুক লোকসভা নিৰ্বাচনত ১৪ টা সমষ্টিত যুঁজ দিয়াৰ বাবে হৈছে সাজু । বিজেপিক প্ৰতিহত কৰাৰ বাবে শক্তি আহৰণৰ পূৰ্বেই বিৰোধী ঐক্যত আউল লাগিছে । সকলো বাদ দি বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে আগবঢ়াৰ আহ্বান ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ ।

By

Published : Jun 30, 2023, 7:25 PM IST

Assam opposition front
opposition political parties front

গুৱাহাটী, ৩০ জুন: বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হোৱা ১২ টা বিৰোধী ৰাজনৈতিক দলৰ ঐক্যত লাগিছে আউল । কংগ্ৰেছৰ উদ্যোগত গঠিত বিৰোধী ঐক্যমঞ্চত নাথাকে আম আদমি পার্টি চমুকৈ আপ । ইতিমধ্যে বিৰোধী ঐক্যমঞ্চৰ অংকত আউল লগাই আম আদমি পার্টীয়ে অকলেই নির্বাচন খেলাৰ ইংগিত দিছে ।

উল্লেখ্য যে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী শক্তিক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টাত প্ৰথম অৱস্থাত আম আদমি পাৰ্টী অহা নাছিল । ১১ টাকৈ বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হোৱাৰ পাছত আম আদমি পাৰ্টী চামিল হৈছিল । কিন্তু শেহতীয়াকৈ পৰিস্থিতি পুনৰ সলনি হৈছে । আম আদমি পাৰ্টীৰ এনে স্থিতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও অস্বস্তিত পৰিছে ।

দিল্লী চৰকাৰৰ ক্ষমতা কৰ্তনৰ বাবে কেন্দ্ৰই অনা অধ্যাদেশৰ প্ৰসংগক লৈয়ে ফাঁট মেলিছে অসমত গঠিত বিৰোধী ঐক্যমঞ্চত । কেন্দ্ৰৰ অধ্যাদেশখনত কংগ্ৰেছে সমর্থন দিলে আম আদমি পাৰ্টীয়ে দিল্লীত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰোঁ বুলি স্পষ্ট কৰি দিছে । তেনেস্থলত অসমতো বিৰোধী ঐক্যমঞ্চৰ পৰা দলটো আঁতৰি অহাটো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে ।

আপৰ ৰাজ্যিক সভাপতি ড° ভৱেন চৌধুৰীয়ে প্ৰকাশ কৰা মতে 'একলা চলো’ নীতিৰে দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনত ১৪ টা সমষ্টিত যুঁজ দিয়াৰ বাবে সাজু হৈছে । পঞ্চায়ত নিৰ্বাচনৰ বাবেও দলটোৱে তৃণমূল পৰ্যায়ত কাম-কাজ আৰম্ভ কৰিছে । ইফালে কংগ্ৰেছৰ ‘বিগ ব্রাডাৰ' নীতিক সহজভাৱে ল’ব পৰা নাই দলটোৱে ।

লগতে পঢ়ক:Discontent in AGP: অগপত বাঢ়িছে অসন্তুষ্টি; গান্ধাৰীৰ ৰূপত শীৰ্ষ নেতৃত্ব

লক্ষণীয় বিষয় যে, প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰচেষ্টাত পূৰ্বতে অনুষ্ঠিত হোৱা বিৰোধী ঐক্যমঞ্চৰ বৈঠকত আপৰ প্ৰতিনিধি উপস্থিত নাছিল । কিন্তু শেহতীয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাচতেই বিৰোধী ঐক্যমঞ্চৰ বৈঠকত অংশ গ্রহণ কৰিছিল আপৰ ৰাজ্যিক নেতৃত্বই ।

সেইদৰে বিৰোধী ঐক্যমঞ্চই ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ যাওঁতে আপৰ অসমৰ প্ৰতিনিধি গৈছিল । ইয়াৰ পাছতেই বিৰোধী ঐক্যমঞ্চই আনুষ্ঠানিকভাৱে আপৰ নাম ঐক্যমঞ্চৰ তালিকাভুক্ত কৰিছিল ।

কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ক’বলৈ বাধ্য হৈছে যে, কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল আৰু আপো এটা ৰাষ্ট্ৰীয় দল। দল দুটাৰ মাজত যদি দিল্লীত মিত্ৰতা নহয় তেনেহ'লে অসমতো মিত্ৰতা নহ'ব পাৰে । তেনেস্থলত মিত্রতা ভালদৰে হোৱাৰ পূৰ্বেই এতিয়া ফাট মেলিছে বিৰোধী ঐক্যত ।

ইফালে বিৰোধী ঐক্যত দেৰিকৈ অন্তৰ্ভুক্ত হোৱা অসম তৃণমূল কংগ্ৰেছৰ লগতো প্ৰদেশ কংগ্ৰেছৰ সম্পৰ্ক বৰ ভাল নহয় । সুবিধা পালেই অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি লয় । সেইদৰে প্ৰত্যুত্তৰ দিয়াৰ ক্ষেত্রতো অলপো থমকি নাথাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ।

উল্লেখ্য যে, বিৰোধী ঐক্যত এনেদৰে বিভিন্ন ধৰণে আউল লাগিলেও কিন্তু ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে বিজেপিক প্ৰতিহত কৰাৰ একমাত্র স্বাৰ্থত সকলো বিৰোধী শক্তিক ঐক্যবদ্ধ হৈ থকাৰ পোষকতা কৰিছে ।

লগতে পঢ়ক:AJP meeting: বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিৰোধী ঐক্যলৈ সহযোগিতা আগবঢ়াব অজাপই

ABOUT THE AUTHOR

...view details