অসম

assam

ETV Bharat / state

Gujarat election 2022: গুজৰাট নিৰ্বাচনৰ ফলাফলক লৈ উৎফুল্লিত আম আদমী পাৰ্টী - Prime Minister Narendra Modi

গুজৰাট নিৰ্বাচনৰ ফলাফলে আম আদমী পাৰ্টীক ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ স্বীকৃতি প্ৰদান কৰাত অসমৰ স্বেচ্ছাসেৱকসকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছে (Gujarat Election 2022 Results)। দহ বছৰৰ ভিতৰত চাৰিখন ৰাজ্যত নিজৰ স্থিতি সুদৃঢ় কৰি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ স্বীকৃতি লাভ কৰাটো আম আদমি পাৰ্টীৰ বাবে বৃহৎ বিজয় বুলি দাবী কৰিছে আম আদমি পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে ।

Gujarat election 2022
গুজৰাট নিৰ্বাচনৰ ফলাফলকলৈ উৎফুল্লিত আম আদমী পাৰ্টী

By

Published : Dec 8, 2022, 5:33 PM IST

গুৱাহাটী, ৮ ডিচেম্বৰ:গুজৰাট বিধানসভা নিৰ্বাচনত দেখুওৱা ফলাফলকলৈ উৎফুল্লিত হৈ পৰিছে আম আদমী পাৰ্টী (Aam Aadmi Party)। ব্যাপক প্ৰচাৰেৰে আম আদমী পাৰ্টীয়ে গুজৰাট নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও মাত্ৰ ৫টা আসন লাভ কৰি আম আদমী পাৰ্টী সন্তুষ্ট থাকিব লগীয়া হ'ল । কিন্তু তাৰ পিছতো অসমত আম আদমী পাৰ্টীয়ে গুজৰাট নিৰ্বাচনত আপে পাঁচখন আসন লাভ কৰাৰ পিছতো দলটোৰ বৃহৎ সাফল্য বুলি দাবী কৰিছে ।

গুজৰাট নিৰ্বাচনৰ ফলাফলকলৈ উৎফুল্লিত আম আদমী পাৰ্টী

গুৱাহাটীত বৃহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদমেলত আম আদমি পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় যে গুজৰাট নিৰ্বাচনৰ ফলাফলে এই দলটোক ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ স্বীকৃতি প্ৰদান কৰাত অসমৰ স্বেচ্ছাসেৱকসকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছে (AAP press conference at Guwahati)। মাত্ৰ দহ বছৰৰ ভিতৰত চাৰিখন ৰাজ্যত নিজৰ স্থিতি সুদৃঢ় কৰি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ স্বীকৃতি লাভ কৰাটো আম আদমি পাৰ্টীৰ বাবে বৃহৎ বিজয় বুলি তেওঁ কয় । তদুপৰি বিজেপিৰ ঘাটি তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী (Prime Minister Narendra Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ দুৰ্গক প্ৰথম অভিযানতে আম আদমি পার্টীয়ে বিধ্বস্ত কৰি পেলালে (Home Minister Amit Shah)। এয়া ৰাজনৈতিক ইতিহাসত বৃহৎ ঘটনা হিচাপে চিহ্নিত হ'ব বুলি ৰাজ্যিক সমন্বয়কগৰাকীয়ে কয় । তেওঁ কয় যে গুজৰাটত বিধানসভাত আপৰ এখনো আসন নাছিল ।

গুজৰাট নিৰ্বাচনৰ ভোট গণনাৰ মাজতে এক সংবাদমেল সম্বোধন কৰি তেওঁ পুনৰ কয় যে এই নিৰ্বাচনত বিজেপিৰ ঘাটিত আঘাত সানিবলৈ সক্ষম হোৱা আপে পৰৱৰ্তী সময়ত নিশ্চিত বিজয় আজুৰি আনিবলৈ সক্ষম হ'ব । ডাঃ ভবেন চৌধুৰী লগতে কয়, দেশে যে পৰিৱৰ্তন বিচাৰিছে সেই কথা গুজৰাট নিৰ্বাচনৰ ফলাফলে প্রতিপন্ন কৰিলে । লগতে এটা কথা স্পষ্ট কৰিছে যে আম আদমি পাৰ্টী বিজেপিৰ একমাত্ৰ বিকল্প ।

তেওঁ গুজৰাটৰ নিৰ্বাচনৰ জৰিয়তে আপে উন্নয়নৰ ৰাজনীতিৰ যি নতুন ধাৰা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল, ই পৰৱৰ্তী সময়ত সমগ্ৰ দেশতে বিয়পি পৰিব বুলি কয় । তেওঁ অসমৰ পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচনৰ বাবে আপে ইতিমধ্যে প্ৰস্তুতি গ্ৰহণ কৰিছে বুলি কয় ।

গুজৰাট নিৰ্বাচনৰ ফলাফলে এই দলটোক ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ স্বীকৃতি প্ৰদান কৰাত অসমৰ স্বেচ্ছাসেৱকসকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছে (Gujarat elections 2022)। দহ বছৰৰ ভিতৰত চাৰিখন ৰাজ্যত নিজৰ স্থিতি সুদৃঢ় কৰি ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ স্বীকৃতি লাভ কৰাটো আম আদমি পাৰ্টীৰ বাবে বৃহৎ বিজয় বুলি কয় আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে ।

লগতে পঢ়ক:Nagaon Govt land leased controversy : খেলপথাৰ বিচাৰি মুখ্যমন্ত্ৰীক কাতৰ অনুৰোধ শিক্ষাৰ্থীৰ

ABOUT THE AUTHOR

...view details