অসম

assam

ETV Bharat / state

Silsako Protest: গুৱাহাটীত থকা অশোক সিংহলৰ ২০ মহলীয়া অবৈধ অট্টালিকা ভাঙি দিয়াৰ দাবী আপৰ - শিলসাঁকো

শিলসাঁকোত পুনৰ উচ্ছেদ চলোৱাৰ বাবে পুনৰ সাজু হৈছে প্ৰশাসন ৷ ইয়াৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে আপৰ অসম ৰাজ্যিক সমিতি ৷ শিলসাঁকোত উচ্ছেদ চলোৱাৰ পূৰ্বে অশোক সিংহলৰ 22 মহলীয়া অট্টালিকা ভাঙি দেখুৱাক বুলি মন্তব্য আপ, অসমৰ উপ-সভাপতিৰ (AAP Assam vice president) ৷

Silsako Protest
Silsako Protest

By

Published : Jun 10, 2023, 5:22 PM IST

শিলসাঁকো উচ্ছেদৰ বিৰোধিতা আপৰ

গুৱাহাটী, 10 জুন: শিলসাঁকোত পুনৰ উচ্ছেদ চলাবলৈ সাজু হোৱা জি এম ডি এ (GMDA) প্ৰথমে গুৱাহাটীৰ অনিল নগৰত থকা গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহলৰ প্ৰ’টেকৰ 22 মহলীয়া অবৈধ অট্টালিকাটো ভাঙি দিয়ক ৷ এই মন্তব্য আপ, অসমৰ উপ-সভাপতি জিতুল ডেকাৰ (AAP on Silsako eviction) ৷

শনিবাৰে আপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত জিতুল ডেকাই কয় যে গুৱাহাটী মহানগৰীত চৰম বিশৃংখল পৰিস্থিতি সৃষ্টি হৈছে ৷ উন্নয়নৰ নামত জধে-মধে গাঁত খান্দি ভয়ানক পৰিৱেশ কৰিছে ৷ কৰবাত যদি গাঁতত নপৰাকৈ প্ৰাণটো ৰক্ষা পৰে তেন্তে নির্মীয়মান উৰণীয়া সেঁতুৰ তলেৰে গৈ থাকিলে ওপৰৰ পৰা লোহা নাইবা উল্কাপিণ্ডৰ দৰে জুইৰ ফিৰিঙতি পৰি সাধাৰণ লোক আঘাতপ্ৰাপ্ত হ’ব পাৰে (AAP slams Assam govt) ৷

তেওঁ লগতে কয় যে ৰাজধানী চহৰখনত খোৱাপানীৰ সংকট, যাতায়তৰ বাবে উপযুক্ত ৰাস্তা নাই ৷ উন্নয়নৰ নামত চৰকাৰী কাৰ্যালয় ভাঙিছে-পাতিছে, উৰণীয়া সেঁতু নিৰ্মাণ কৰা হৈছে ৷ খোৱা পানীৰ দৰে মৌলিক প্ৰয়োজন পূৰণ কৰিব নোৱাৰা চৰকাৰখনে আকৌ উন্নয়নৰ নামত শিলসাঁকোত পুনৰ উচ্ছেদৰ বিভীষিকা নমাই আনিছে (Eviction drive at Silsako) ৷

ডেকাই আৰু কয়, ‘‘যোৱা ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগত চৰকাৰে শিলসাঁকোত উচ্ছেদ চলাই 5 শতাধিক পৰিয়ালক উচ্ছেদ কৰিছে ৷ সেই খিলঞ্জীয়া পৰিয়ালসমূহক আজিলৈ সংস্থাপন, ক্ষতিপুৰণ নিদিলে ৷ ইয়াৰ পিছত এইবাৰ পুনৰ একেটা অঞ্চলত দুই শতাধিক পৰিয়ালক উচ্ছেদ চলাব ওলাইছে৷ কিন্তু GMDA অনিল নগৰত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ পুত্ৰৰ মালিকানাধীন '‘প্ৰ’টেক হাউচিঙ’ৰ 20 মহলীয়া অবৈধ অট্টালিকাৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই ৷’’

ইতিমধ্যে আপ,অসমে এই কথা ৰাজহুৱা কৰি বিষয়টো সন্দৰ্ভত ব্যৱস্থা ল’বলৈ ৰাজ্যপালৰ ওচৰত স্মাৰক পত্ৰও দাখিল কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে আজিলৈ এই ক্ষেত্ৰত কোনো ব্যৱস্থা নল’লে ৷ এনে পৰিস্থিতিত একে GMDA শিলসাঁকোত উচ্ছেদ চলোৱাৰ কোনো নৈতিক অধিকাৰ নাই বুলি ডেকাই মন্তব্য কৰে (Massive eviction in Guwahati) ৷

তেওঁ কয় যে শিলসাঁকোত উচ্ছেদ চলোৱাৰ পূৰ্বে GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকাই অনিল নগৰত প্ৰ’টেক হাউচিঙৰ অবৈধ অট্টালিকাটো জোখ মাপ কৰি উচ্ছেদ চলাই দেখুৱাওক ৷ কাৰণ সেই 20 মহলীয়া অট্টালিকাটোলৈ অহা যোৱা কৰিবলৈ উপযুক্ত পথ নাই ৷ এনে ক্ষেত্ৰত GMDA এই বৃহৎ অট্টালিকাটো নিৰ্মাণ কৰিবলৈ কি দৰে অনুমতি দিছিল ?

অভিযোগ উত্থাপন কৰি আপ, অসমৰ উপ-সভাপতিগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে সততে কয় যে তেওঁৰ চৰকাৰৰ দিনত দুর্নীতি হ’ব নোৱাৰে ৷ কিন্তু অশোক সিংহলৰ প্ৰ’টেকৰ ক্ষেত্ৰত চৰকাৰৰ নীতি সুকীয়া বুলি প্ৰমাণ হৈছে ৷ যদি আইন সকলোৰে বাবে সমান তেনেহলে শিলসাঁকোত উচ্ছেদ চলোৱাৰ পূৰ্বে চৰকাৰে অনিল নগৰত প্ৰ’টেক হাউচিঙক অবৈধ নির্মাণ চলাবলৈ দিয়া GMDA ৰ বিষয়া, গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংহল, নাৰায়ণ ডেকাৰ বিৰুদ্ধে ব্যৱস্থা লওক ৷

জিতুল ডেকাই কয় যে আপ, অসম জলাশয় সংৰক্ষণৰ বিৰোধী নহয় ৷ কিন্তু এই ক্ষেত্ৰত চৰকাৰে সমান দৃষ্টিভংগী ল’ব লাগে ৷ শিলসাকোঁক সংৰক্ষণ কৰিব বিচৰা চৰকাৰে আকৌ উত্তৰ গুৱহাটীৰ জলাশয়সমূহ এফালৰ পৰা পুতি পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰা পৰিলক্ষিত হৈছে ৷ আপ অসমৰ স্পষ্ট কথা শিলসাঁকোত উচ্ছেদ চলোৱাৰ পূৰ্বে অনিল নগৰত প্ৰটেক হাউচিঙৰ কেলেংকাৰীৰ তদন্ত কৰি অভিযুক্তসকলৰ বিৰদ্ধে ব্যৱস্থা গ্ৰহণ কৰক ৷ সংবাদমেলত আপ অসমৰ ৰাজ্যিক মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতাও উপস্থিত থাকে ৷

লগতে পঢ়ক:Upcoming rainy season : সমাগত বাৰিষা, বানপানীৰ সৈতে মোকাবিলা কৰিবলৈ সাজু ধেমাজিৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগ

ABOUT THE AUTHOR

...view details