গুৱাহাটী, ২৮ ছেপ্টেম্বৰ: ‘২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চ I.N.D.I.A. ই দেশৰ শাসন ক্ষমতা দখল কৰিব ।’ গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি আইটিএ কেন্দ্ৰত বৃহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যসভাৰ সাংসদ তথা আপৰ ৰাষ্ট্ৰীয় নেতা সঞ্জয় সিং এই দাবী কৰে । তেওঁ কয় যে ২০২৪ চনত লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিৰোধী ঐক্য মঞ্চ ‘I.N.D.I.A.’ৰ সহযোগী দলবোৰে নিৰ্বাচনী কুজকাৱাজ আৰম্ভ কৰিছে ।
সংবাদমেলত সাংবাদিকৰ প্ৰশ্নোত্তৰত আপৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে কয় যে এতিয়ালৈকে I.N.D.I.A.ৰ সহযোগী দলবোৰে নিৰ্বাচনৰ বাবে আসন নিৰ্ধাৰণ কৰা নাই । এই সন্দৰ্ভত অহা অক্টোবৰত মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ‘I.N.D.I.A.’ৰ সকলো সহযোগী দলৰ সভাত 'I.N.D.I.A.' ৰ সহযোগী দলবোৰে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া আসন নিৰ্ধাৰণ কৰিব ।
সংবাদমেলত তেওঁ কয় যে নৰেন্দ্ৰ মোদী দেশৰ জনসাধাৰণৰ বন্ধু নহয় । আদানীৰহে বন্ধু । নৰেন্দ্ৰ মোদী ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী নহয়, আদানীৰ প্ৰধানমন্ত্ৰী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো ৰাজহুৱা সম্পত্তি এটা এটাকৈ আদানীক গতাই দিছে ।