গুৱাহাটী, 21 এপ্ৰিল : ৰাজ্যত চলি থকা ম’হ ছিণ্ডকেট সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদ মেল আয়োজন কৰে আপ, অসমে । আপ, অসমৰ উপ-সভাপতি জিতুল ডেকাই সংবাদ মেলত ম'হৰ সৰবৰাহ তথা ছিণ্ডিকেট সম্পৰ্কত কেতবোৰ অভিযোগ উত্থাপন কৰে । তেওঁ সংবাদমেলত তথ্য দাঙি ধৰি কয় যে Assam Cattle Preservation ( Amendment) Act, 2021 বলবৎ হোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে বহিঃৰাজ্যৰ পৰা অসমৰ মাজেৰে হাজাৰ হাজাৰ ম’হ বাংলাদেশলৈ চোৰাংভাৱে চালান দি থকা হৈছে ।
জিতুল ডেকাই কয়, গো-সুৰক্ষা আইন বলৱৎ হোৱাৰ পিছৰে পৰা বিভিন্ন প্ৰতিষ্ঠান ,ফাৰ্মৰ নামত ছিণ্ডিকেট চক্ৰই অসমলৈ ম’হৰ সৰবৰাহ কৰি ম'হবোৰ বাংলাদেশলৈ চালান দিছে । বৈধ নথি-পত্ৰ প্ৰস্তুত কৰি এই চক্ৰটোৱে অসমৰ বিভিন্ন জিলালৈ কৃষিকাৰ্য কৰা, দুগ্ধ উৎপাদন বা ফাৰ্ম খোলাৰ নামত বহিঃৰাজ্যৰ পৰা অসমলৈ ট্ৰাক আৰু ৰে’লযোগে ম’হ সৰবৰাহত নামি পৰিছে । কিন্তু অসমলৈ সৰবৰাহ কৰা এই ম’হবোৰ প্ৰকৃততে অসমত আছেনে বুলি তেওঁ প্ৰশ্ন কৰে । তেওঁ কয়, ‘‘যদি আছে এই ম’হবোৰ কি কাৰ্যত ব্যৱহাৰ কৰা হৈছে, সেয়া নিৰীক্ষণ কৰাৰ কোনো ব্যৱস্থা নাই অসম চৰকাৰৰ’’ (AAP on buffalo syndicate in Assam) ।
জিতুল ডেকাই চৰকাৰী পক্ষলৈ আঙুলিয়াই কয় যে সহজ ভাষাত ক’বলৈ গ'লে এয়াও ম’হ ছিণ্ডিকেটৰ এটা অংশ । অসমত প্ৰৱেশ কৰোৱাৰ পিছত ম'হবোৰ যে বাংলাদেশলৈ চালান দিয়া হয়, সেয়া চৰকাৰী পক্ষই জানে । গতিকে ম'হৰ জাকবোৰ অসমৰ চাৰিসীমাত প্ৰৱেশ কৰোৱাৰ পিছত মেঘালয় হৈ বাংলাদেশলৈ চালান দিয়াৰ পথ মোকলাই দিয়া হয় । বাংলাদেশলৈ চালান দিবলৈ অনাৰ বাবে ম'হ সৰবৰাহ কৰা চক্ৰটোৱে শ্ৰীৰামপুৰত ছিণ্ডিকেট চক্ৰক ৪-৪.৫ লাখকৈ টকা আদায় দি আছে । এই সকলো অভিযোগ তুলি ধৰি আপ, অসমৰ উপ-সভাপতিগৰাকীয়ে লগতে কয় যে অসমত গো-সুৰক্ষা আইন আছে, তাৰ বাবে গো বধ আৰু সৰবৰাহ বন্ধ আছে । গৰু যি দৰে জীৱ, ম'হবোৰো জীৱ । অথচ গৰুৰ সুৰক্ষা আছে, কিন্তু ম'হৰ সুৰক্ষা নাই, এইটো কেনে কথা (Buffalo syndicate in Assam) ?