গুৱাহাটী, ১ জুন:অসম ৰাজ্যিক পৰিবহন নিগমৰ ৭৭১গৰাকী কৰ্মচাৰীক হঠাতে কামৰ পৰা চাটাই কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে আম আদমি পাৰ্টীয়ে (AAP demand to arrest Anand Prakash Tiwari) । দলটোৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত কৰা এখন সংবাদ মেলত আপ,অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে অসম ৰাজ্যিক পৰিবহন নিগমত কৰ্মৰত ৭৭১গৰাকী কৰ্মঠ অসমীয়াক কামৰ পৰা চাটাই কৰাটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এক হঠকাৰী সিদ্ধান্ত (ASTC employees fired from Job) ।
তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই সকল ব্যক্তি অযোগ্য নহয় । আই টি আই,কম্পিউটাৰ শিক্ষা, ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী থকা বহু দক্ষ ব্যক্তি ইয়াৰ মাজত আছে । এই দক্ষ লোকসকলে বছৰ বছৰ ধৰি পৰিবহন নিগমক সামান্য পাৰিতোষিকৰ বিনিময়ত সেৱা আগবঢ়াই আহিছে ৷ যাৰ বাবে এতিয়া ৰাজপথত নিগমৰ বাছসমূহ চলি থাকিব পাৰিছে ৷ মুখ্যমন্ত্ৰীয়ে কৈছে এই নিযুক্তি অবৈধ, নতুনকৈ বিজ্ঞাপন দি পুনৰ এই নিযুক্তি দিয়া হ'ব । কিন্তু ১০-১২বছৰ কাম কৰা এই ব্যক্তিসকলৰ আৰু নিযুক্তিৰ বাবে পৰীক্ষা দিয়াৰ বয়স নাই । ৪০ উৰ্ধৰ ব্যক্তিসকলে কেনেকৈ এই নিযুক্তি প্রক্ৰিয়াত অংশ গ্ৰহণ কৰিব পাৰিব । গতিকে মুখ্যমন্ত্ৰীয়ে এই ৭৭১টা পৰিয়ালক ভাতে মৰাৰ চেষ্টা কৰিছে বুলি তেওঁ অভিযোগ কৰে ।
সংবাদ মেলত আপৰ নেতা জিতুল ডেকাই লগতে কয় যে এই কৰ্মচাৰী সকলক চাটাই কৰাৰ আঁৰত পৰিবহন নিগমটোক ব্যক্তিগতকৰণ কৰাৰ চক্ৰান্ত থকা বুলি আপ, অসমে সন্দেহ প্রকাশ কৰে ৷ কিয়নো বছৰ বছৰ ধৰি পৰিবহন নিগমত স্থায়ী নিযুক্তি নোহোৱাৰ বাবে আগন্তুক ২০২৫ চনলৈ মাত্ৰ কেইজনমানৰ বাহিৰে প্ৰায় সংখ্যকেই অৱসৰ লোৱাৰ সময় হ'ব । আনহাতে, পৰিবহন নিগমৰ ৭০০ বিঘাতকৈও অধিক নিজা মাটি আছে । এই মাটি বহু মূল্যবান সম্পত্তি । গতিকে পৰিবহন নিগমক ব্যক্তিকৰণ কৰি এই মাটি আদানীৰ দৰে কোনো ব্যৱসায়ীক গতাই দিয়াৰ চক্রান্ত হ'ব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি ৭৭১ গৰাকী লোকৰ নিযুক্তি অবৈধ তেন্তে ইয়াৰ বাবে জগৰীয়া বিজেপি চৰকাৰ। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তদানীন্তন বিজেপিৰ চৰকাৰৰ পৰিবহন মন্ত্ৰী আছিল । পূৰ্বৰ বিজেপি চৰকাৰেই আই পি এছ বিষয়া আনন্দ প্রকাশ তিৱাৰীক নিগমৰ পৰিচালন সঞ্চালক নিয়োগ কৰিছিল । গতিকে এই নিযুক্তি যদি অবৈধ তেন্তে প্রথমে আনন্দ প্রকাশ তিৱাৰী আৰু চন্দ্ৰমোহন পাটোৱাৰীক গ্ৰেপ্তাৰ কৰি দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা লৈ দেখুৱাওক বুলি তেওঁ কয় ।
মুখ্যমন্ত্ৰীয়ে যদি অবৈধ নিযুক্তিৰ বিৰুদ্ধে ইমান কঠোৰ তেন্তে এ পি এছ চি নিযুক্তি সন্দৰ্ভত ন্যায়াধীশ বি কে শৰ্মাই দুৰ্নীতিৰে চাকৰি লোৱা সকলৰ নাম প্রতিবেদনত উল্লেখ কৰাৰ পিছতো কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি তেওঁ প্ৰশ্ন কৰে ৷ মুখ্যমন্ত্ৰীয়ে নিজকে দক্ষ আৰু চৰকাৰখন বিকাশৰ চৰকাৰ বুলি জাহিৰ কৰিব বিচাৰে । কিন্তু চকুৰ আগতেই তিল তিলকৈ ধ্বংস হ'ব ধৰা পৰিবহন নিগমটো ৰক্ষা কৰিবলৈ ব্যৱস্থা ল’ব নোৱাৰা মুখ্যমন্ত্ৰীক কি দৰে দক্ষ বুলি কম বুলি তেওঁ কটাক্ষ কৰে । তেওঁ কয় যে চলি থকা এটা কার্যালয় ভাঙি আন ঠাইলৈ নিয়া আৰু কেইখনমান উৰণীয়া সেঁতু নিৰ্মাণ কৰাটোৱেই বিকাশ নহয়। সংবাদ মেলত আপৰ নেতা জয়ন্ত শইকীয়া, বল্লভ পাত্ৰ, অনুৰূপা ডেকাৰজা আৰু হেপী গগৈও উপস্থিত থাকে ।
লগতে পঢ়ক:Sri Raghupati: কাইলৈ ছবিগৃহত মুক্তি লাভ নকৰে শ্ৰী ৰঘুপতি, অনিৰ্দিষ্টকাললৈ স্থগিত মুক্তি