অসম

assam

ETV Bharat / state

কৃষি অধ‍্যাদেশকলৈ আপৰ উদ্যোগত ক'লা দিৱস - কৃষি অধ‍্যাদেশকলৈ আপৰ ক'লা দিৱস পালন

"এইখন বিলে কৃষকৰ কোনো ধৰণৰ উন্নতি সাধন নকৰে। বৰঞ্চ কেন্দ্ৰীয় চৰকাৰে কৃষকৰ ওপৰত জাপি দিব খোজা এই বিলে কৃষকৰ অধিকাৰহে খৰ্ব কৰিব" বুলি মন্তব্য আম আদমী পাৰ্টি অসমৰ মুখ্য সমন্বয়ক ড: ভৱেন চৌধুৰীৰ ৷

Guwahati
কৃষি অধ‍্যাদেশকলৈ আপৰ উদ্যোগত ক'লা দিৱস

By

Published : Sep 24, 2020, 8:30 PM IST

গুৱাহাটী, 24 ছেপ্টেম্বৰঃ কৃষি বিলক লৈ বৃহস্পতিবাৰে মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰে আম আদমী পাৰ্টিৰ অসম প্ৰদেশৰ বিষয় ববীয়া সকলে । গুৱাহাটী মহানগৰীৰ ৰ'টাৰী ক্লাৱত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী। মুখত ক'লা কাপোৰ বান্ধি মৌন সমদল উলিয়াই সংগঠনটোৱে। কৃষকৰ সমস্যাৰ সমাধানৰ বিপৰীতে কৃষি বিৰোধী বিল বলবৎ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে আম আদমী পাৰ্টিৰ অসম শাখাই।

লগতে পঢ়কঃ ৰাজপথত জ্বলিল মুখ্যমন্ত্ৰীৰ পুত্তলিকা

"এইখন বিলে কৃষকৰ কোনো ধৰণৰ উন্নতি সাধন নকৰে। বৰঞ্চ কেন্দ্ৰীয় চৰকাৰে কৃষকৰ ওপৰত জাপি দিব খোজা এই বিলে কৃষকৰ অধিকাৰহে খৰ্ব কৰিব" বুলি মন্তব্য কৰে আম আদমী পাৰ্টি অসমৰ মুখ্য সমন্বয়ক ড: ভৱেন চৌধুৰীয়ে ৷

বৃহস্পতিবাৰে ৰ'টাৰী ক্লাৱৰ পৰা কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়লৈ এক মৌন সমদল বাহিৰ কৰে আম আদমী পাৰ্টিৰ অসম প্ৰদেশৰ নেতা কৰ্মী সকলে । কিন্তু আৰক্ষীয়ে প্ৰতিবাদকাৰী দলটোক বাধা প্ৰদান কৰাৰ লগতে পঠিয়ালে ঘুৰাই। অৱশ্যে প্ৰতিবাদী সকলৰ দাবী সম্বলিত স্মাৰক পত্ৰ গ্ৰহণ কৰি উপায়ুক্তৰ যোগেদি মুখ‍্যমন্ত্ৰীক দিয়াৰ আশ্বাস প্ৰদান কৰে অসম আৰক্ষীয়ে।

উল্লেখ‍্য যে বৃহস্পতিবাৰে আম আদমী পাৰ্টিয়ে সমগ্র ৰাজ্য জুৰি কৃষি বিলখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অসমৰ জিলাই জিলাই গঢ়ি তোলা এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আম আদমী পাৰ্টিয়ে দেশৰ ৰাষ্ট্ৰপতি গৰাকীক বিলখনত চহী নকৰিবলৈ পত্ৰ যোগে আহ্বান জনাইছে ।

ABOUT THE AUTHOR

...view details