গুৱাহাটী, ২৫ এপ্ৰিল :অসমত বিজেপিৰ উত্থানৰ গতিয়ে এফালৰ পৰা নোহোৱা কৰাৰ উপক্ৰম কৰিছে প্ৰতিটো ৰাজনৈতিক দলৰ অস্তিত্বক । যিটো সময়ত বিৰোধী হিচাপে কংগ্ৰেছ দলে এক বিশেষ ভূমিকা পালন কৰিব লাগিছিল তেনে সময়ত কংগ্ৰেছ নিশ্চিহ্ন হোৱাৰ পথত গতি কৰিছে । ইজনৰ পাছত সিজন নেতাই ত্যাগ কৰিছে কংগ্ৰেছ (Congress leaders left party) । যাৰ বাবে উপযুক্ত বিৰোধী বিহীনভাৱে বিজেপিয়ে শাসন চলাই গৈছে ।
সম্প্ৰতি গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টিয়ে (আপ) কংগ্ৰেছতকৈও ভাল ফলাফল প্ৰদৰ্শন কৰাৰ পিছত এতিয়া ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা (GMC Election Results 2022)৷ এফালৰ পৰা জহিখহি যাবলৈ ধৰা কংগ্ৰেছৰ বিকল্প হিচাপে অসমত ভেটি গজগজীয়া কৰিব নেকি অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন এই দলটোৱে (AAP rising in Assam)। স্বাভাৱিকতে গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে অসমৰ এই নতুন ৰাজনৈতিক বিন্যাস ।
অৱশ্যে ৰাজ্যৰ কংগ্ৰেছ দলে 'আপ'ৰ এনে উত্থানত আতংকিত হ'বলগীয়া কোনো কথা নাই বুলিহে মন্তব্য কৰে বিৰোধী দলপতিগৰাকী । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সোমবাৰে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, অসমত 'আপ' কেতিয়াও কংগ্ৰেছৰ বিকল্প হ'ব নোৱাৰে (Debabrat Saikia on AAP) । কংগ্ৰেছৰ বাবে সাময়িক বিপৰ্যয় আহিছে ঠিকেই, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কংগ্ৰেছৰ স্থান আন কোনো দলে ল'ব পাৰিব ।