অসম

assam

ETV Bharat / state

Miya Vote controversy: AAPৰ বিজয়ী প্ৰাৰ্থী মাছুমা বেগমৰ প্ৰথম প্ৰতিক্ৰিয়া - Pabitra Margherita controversial comment

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ফলাফলৰ (GMC election 2022 results) পাছতে মিঞা ভোটাৰৰ এক বিতৰ্কৰ সৃষ্টি হৈছিল । এই বিতৰ্কৰ পাছতে আম আদমী পাৰ্টীৰ বিজয়ী প্ৰাৰ্থী মাছুমা বেগমে প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁৰ মতে অসমত বাস কৰা সকলো অসমীয়া । এইবোৰ চৰ্চা কৰাৰ বিপৰীতে উন্নয়নতহে গুৰুত্ব দিব মাছুমা বেগমে ।

Miya Voter controversy in GMC Election
AAPৰ বিজয়ী প্ৰাৰ্থী মাছুমা বেগমৰ প্ৰথম প্ৰতিক্ৰিয়া

By

Published : Apr 26, 2022, 4:56 PM IST

গুৱাহাটী,২৬ এপ্ৰিল :'অসমত বাস কৰা সকলোৱে অসমীয়া ।'এই মন্তব্য গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত (GMC election 2022 results) আম আদমী পাৰ্টীৰ বিজয়ী প্ৰাৰ্থী মাছুমা বেগমৰ । শেহতীয়াকৈ হৈ যোৱা পৌৰ নিগম নিৰ্বাচনত দুটাকৈ ৱাৰ্ডত আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদৰ দুই প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে । এই বিজয়ৰ পাছতে একাংশ বিজেপি নেতাই ৱাৰ্ড দুটা সম্পৰ্কে বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰিছে (Miya Vote controversy)।

একাংশ নেতাৰ মতে ৱাৰ্ড দুটাত মিঞাৰ ভোট পাইহে প্ৰাৰ্থী দুগৰাকী জয়ী হৈছে (Miya Voter controversy in GMC Election)। এই মন্তব্যৰ পাছতে ৰাজ্যত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে । সেই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি আম আদমি পাৰ্টীৰ ৪২ নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী মাছুমা বেগমে ইটিভি ভাৰতৰ আগত কয় যে, বিজেপিয়ে জিকিব নোৱাৰাৰ বাবে তেওঁলোকে এইদৰে মন্তব্য কৰিছে (AAP candidate reacts to Miya Voter controversy)। আজি তেওঁৰ ৱাৰ্ডক লৈ তেনেকৈ কৈছে, যদি আন ৱাৰ্ডত জয়ী হ'লহেতেন তেতিয়া সেই ৱাৰ্ডৰ বিষয়েও তেনেকৈ ক'লে হয় বুলি বেগমে অভিযোগ কৰে ।

AAPৰ বিজয়ী প্ৰাৰ্থী মাছুমা বেগমৰ প্ৰথম প্ৰতিক্ৰিয়া

তেওঁৰ মতে এইবোৰ বিষয়ত চৰ্চা নকৰায়ে ভাল । এইবোৰ প্ৰচাৰ বিজেপিক কৰি থাকিবলৈ আহ্বান জনায় প্ৰাৰ্থীগৰাকীয়ে । তেওঁ উল্লেখ কৰা মতে আগন্তুক দিনত তেওঁ কামৰ ওপৰত গুৰুত্ব দিব । আনহাতে তেওঁৰ বাবে সকলো ৰাইজ সমান বুলি মন্তব্য কৰে বেগমে ।

তেওঁ লগতে কয় যে আম আদমী পাৰ্টীয়ে সকলোকে সুযোগ দিয়ে । আপে সুযোগ দিছে তাৰ বাবে তেওঁ নিৰ্বাচন খেলিবলৈ আকৰ্ষিত হৈছে আৰু ৱাৰ্ডত যিবোৰ কাম হ'ব লাগে হোৱা নাই সেয়েহে তেওঁ ওলাই আহিছে বুলি মন্তব্য কৰে । ৱাৰ্ডৰ বিষয়ে উল্লেখ কৰি বেগমে কয় যে তেওঁৰ ৱাৰ্ডৰ মূল সমস্যা হৈছে খোৱাপানীৰ নাটনি ।

তেওঁ ৱাৰ্ডত খোৱাপানীৰ যথেষ্ট নাটনি কিন্তু এজাক বৰষুণতে কৃত্ৰিম বানৰ সৃষ্টি হয় । বিজয়ী প্ৰাৰ্থীগৰাকীয়ে উল্লেখ কৰা মতে তেওঁ পানী, ৰাস্তা-ঘাট, চিচি কেমেৰা, নলা-নৰ্দমা আদিৰ ওপৰত গুৰুত্ব দিব ।

উল্লেখ্য যে ৬০ টা ৱাৰ্ডৰ ৩৮ টা ৱাৰ্ডত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল আম আদমী পাৰ্টীয়ে । প্ৰথমবাৰলৈ গুৱাহাটী পৌৰ নিগমত প্ৰতিদ্বন্দিতা আগবঢ়োৱা দলটোৱে ১ টা ৱাৰ্ডত জয়ী হোৱাৰ বিপৰীতে ২৪ টা ৱাৰ্ডতে দ্বিতীয় স্থানত থাকে ।

লগতে পঢ়ক :কংগ্ৰেছ দল এতিয়াও নিশেষ হৈ যোৱা নাই : গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details