অসম

assam

ETV Bharat / state

AAP Assam Press Meet: গুৱাহাটীৰ খোৱা পানী সমস্যাক লৈ উদ্বেগজনক তথ্য প্ৰকাশ আপৰ - গুৱাহাটী পানী সমস্যা

দীৰ্ঘদিন ধৰি গুৱাহাটীবাসীয়ে ভুগি থকা সমস্যা সন্দৰ্ভত কিছু উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে আপ অসমে ৷ শেহতীয়াকৈ আপ অসমে আৰম্ভ কৰিছে ‘পানী আন্দোলন’ ৷ ইয়াৰ জড়িয়তে আপে কৰা সমীক্ষাত প্ৰকাশ পাইছে এখন ভয়ংকৰ ছবি ৷ কাৰণ গুৱাহাটীৰ অধিকাংশ নাগৰিকেই লাভ কৰা নাই বিশুদ্ধ খোৱা পানীৰ সুবিধা ৷

AAP Assam Press Meet
গুৱাহাটীৰ খোৱা পানী সমস্যাকলৈ উদ্বেগজনক তথ্য প্ৰকাশ আপৰ

By

Published : Dec 14, 2022, 10:22 PM IST

গুৱাহাটীৰ খোৱা পানী সমস্যাকলৈ উদ্বেগজনক তথ্য প্ৰকাশ আপৰ

গুৱাহাটী, 14 ডিচেম্বৰ: দীৰ্ঘদিন ধৰি গুৱহাটী মহানগৰবাসীয়ে ভুগি আহিছে খোৱা পানীৰ সমস্যাত(Guwahati water problem) ৷ প্ৰতিখন চৰকাৰে গুৱাহাটীৰ খোৱা পানীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও আজিলৈকে নহ’ল কোনো সমাধান ৷ শেহতীয়াকৈ আম আদমী পাৰ্টীয়ে(AAP Assam) মহানগৰীৰ খোৱা পানীৰ সমস্যা সমাধানৰ দাবীৰে আৰম্ভ কৰা ‘পানী আন্দোলন’ত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য ৷ যি তথ্য সংবাদেল যোগে সদৰি কৰিছে দলটোৱে ৷

উল্লেখ্য যে, গুৱাহাটীবাসীৰ খোৱা পানী সমস্যাৰ সমাধানৰ দাবীৰে আপ অসমে আৰম্ভ কৰিছে ‘পানী আন্দোলন’(Water Movement) ৷ যাৰ জড়িয়তে বিভিন্ন লোকৰ পৰা মতামত সংগ্ৰহ কৰিছে দলটোৱে ৷ সংবাদ মেল সম্বোধন কৰি আপ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই(Jitul Deka) কয় যে, ‘‘ যোৱা এক নবেম্বৰৰ পৰা 'আপ'ৰ গুৱাহাটীৰ সদস্য সকলে জনমত গঠনৰ বাবে ৱাৰ্ডে ৱাৰ্ডে মানুহৰ ওচৰলৈ গৈ ৰাইজে ভুগি থকা সমস্যা সমূহৰ সন্দৰ্ভত মতামত গ্ৰহণ কৰে। ১নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰ লৈ গ্ৰহণ কৰা মতামতৰ ভিত্তিত কিছু তথ্য যুগুত কৰি উলিয়াইছে ।’’

সংবাদমেলত সদৰি কৰা তথ্য অনুসৰি এই এমাহত আপৰ সদস্য সকলে প্ৰত্যক্ষ ভাৱে আৰু অনলাইন যোগে মুঠ ৬৫,১৬৪ লোকৰ মতামত সংগ্ৰহ কৰে । ইয়াৰ উপৰিও চৰকাৰী চাকৰিয়াল, বিভিন্ন আঁচনিত নাম থকা লোকে আঁচনিৰ পৰা নিজৰ নাম কটা যোৱাৰ ভয়ত পৰিচয় গোপনে ৰাখি বা স্বাক্ষৰ নিদিয়াকৈ মতামত আগবঢ়াইছে । ৬৫১৬৪ গৰাকীৰ ৭৮শতাংশ অর্থাৎ ৫০৮২৮গৰাকী মহানগৰৰ বাসিন্দাই খোৱা পানীৰ সমস্যাত ভোগাৰ কথা সদৰি কৰিছে । খোৱা পানীৰ লগতে ৰাস্তা-ঘাট, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা, কৃত্ৰিম বানপানীৰ সমস্যা, ৱাৰ্ডত হাস্পতালৰ ব্যৱস্থা আদি বিষয়ৰ ওপৰতো লোক সকলে আগবঢ়াইছে মন্তব্য ।

আপৰ সদস্যসকলে সংগ্ৰহ কৰা তথ্য অনুসৰি গুৱাহাটীৰ ২, ৬,১১,২৫,২৮,২৯,৩৭,৪৩,৫৮ নং ৱাৰ্ডৰ অধীনৰ বাপুজী নগৰ, শালবাৰী, নিজৰাপাৰ,জয়ন্ত নগৰ, জ্যোতিনগৰ, এফ চি আই, গণেশ মন্দিৰ পথ,ধীৰেন পাৰা,হাতীগাওঁ, নতবমা, ইমদিদা নগৰ, সনাইগুলি, কৈলাশপুৰ, সুৰজ নগৰ, জ্যোতিকুচি, হিৰম্ব পুৰ, পিলিং কটা, মইনাঘুলি, কইনাধৰা, আদাবাৰি কলনী, সৰুজ নগৰ, ৰাজগড়, নবীন নগৰ, জু ৰোডৰ প্ৰগতি পথ, সেউজ আলি পথ, গীতা নগৰৰ মনালিছা পথ, মিলন পথ, পূবেৰুণ নগৰ, তল তলা ইমলী বস্তি, সাত গাওঁ, বশিষ্ঠ, ইন্দিৰা নগৰ আদি অঞ্চলৰ বাসিন্দাই অধিক খোৱা পানীৰ সমস্যাত(Guwahati Water crisis) ভুগি আছে ।

সংবাদমেলত এই তথ্য প্ৰকাশ কৰি, গুৱাহাটী উন্নয়ন দপ্তৰ মন্ত্ৰী অশোক সিংঘালে(Minister Ashok Singhal) সংবাদমাধ্যৰ আগত খোৱা পানী যোগান ধৰা বুলি ভুৱা তথ্য প্ৰদান কৰাৰ অভিযোগ দলটোৰ । কেৱল সিমানেই নহয়, দিল্লী পৌৰ নিৰ্বাচনৰ প্ৰচাৰত গুৱাহাটীৰ উন্নয়নৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) প্ৰথমে গুৱাহাটীবাসী ৰাইজৰ খোৱা পানীৰ সমস্যাৰ সমাধান কৰক বুলিও মন্তব্য জিতুল ডেকাৰ ৷

Gamocha gets GI tag:হেঁপাহৰ গামোচাখনে বিশেষ স্বীকৃতি লাভৰ পাছতে উৎফুল্লিত ৰাজ্যবাসী

ABOUT THE AUTHOR

...view details