গুৱাহাটী, 29 ছেপ্টেম্বৰ : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবদ মাচুল সংগ্ৰহ কৰা সন্দৰ্ভত আপ অসমৰ তৰফৰ পৰা শুকুৰবাৰে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয় ৷ আপ অসমৰ নেতা ৰুদ্ৰাংকুৰ হাজৰিকাৰ নেতৃত্বত যোৱা আপৰ এটা প্ৰতিনিধিৰ দলে আগন্তক হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ পৰীক্ষাৰ্থীক মাচুল আদায় নিদিয়াকৈ বিনামূলীয়াকৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ প্ৰদান কৰাৰ দাবী তুলি অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষক এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷
স্মাৰক পত্ৰ প্ৰদানৰ অন্তত আপৰ নেতা ৰুদ্ৰাংকুৰ হাজৰিকাই কয় যে, "আম আদমি পাৰ্টীৰ তৰফৰ পৰা 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নামত প্ৰতিজনৰ পৰা 2,200 টকাকৈ সংগ্ৰহ কৰাৰ সিদ্ধান্তক আমি বিৰোধিতা কৰিছো ৷ পৰীক্ষাৰ মাচুলৰ নামত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ মূৰত বৃহৎ আৰ্থিক বোজা জাপি দিয়া কার্যক আমি কোনোপধ্যেই মানি নল'ও আৰু এই নিৰ্দেশনা বাতিলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো ৷" তেওঁ কয় যে অত্যাধিক মূল্যবৃদ্ধি আৰু কৰৰ বোজাত বন্দী শিক্ষাৰ্থী সকলৰ পৰিয়ালক এই বৃহৎ পৰিমাণৰ মাচুলৰ বাবে পৰীক্ষাৰ প্ৰাকক্ষণত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সন্মুখত ডাঙৰ সংকটে দেখা দিব ৷