গুৱাহাটী, 23 আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত বাজপেয়ী ভৱনৰ পৰাই চাকৰিৰ বজাৰ চলিছে বুলি গুৰুতৰ অভিযোগ কৰিছে আপৰ উপ-সভাপতি জিতুল ডেকাই ৷ গুৱাহাটীত বুধবাৰে এখন সংবাদ মেলত দলটোৰ উপ-সভাপতি জিতুল ডেকাই এই অভিযোগ কৰি কয় যে তামোল এখন নোখোৱাকৈ চাকৰি দিয়া বুলি নিকা ভাৱমূৰ্তি দেখাবলৈ চেষ্টা কৰা মুখ্যমন্ত্ৰীৰ দলতেই এতিয়া ওলাইছে চাকৰিৰ দালাল ৷ ইন্দ্ৰাণী তহবিলদাৰ নামৰ বিজেপি নেত্ৰী এগৰাকীৰ আত্মহত্যাৰ ঘটনাৰ পৰাই চাকৰিৰ ক'লা বজাৰৰ কথা প্ৰকাশ পাইছে বুলি আপৰ নেতাগৰাকীয়ে অভিযোগ কৰে ৷
ডেকাই সংবাদমেলত কয় যে চান্দমাৰি আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰাৰ পিছতেই পোহৰলৈ আহিছে এজন এজন কৈ দালালৰ নাম ৷ অনুৰাগ চলিহা নামৰ বিজেপিৰ দালাল আৰু অসীম চক্ৰৱৰ্তী নামৰ আৰ এছ এছৰ এগৰাকী জ্যেষ্ঠ নেতাৰ আত্মীয় গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁলোকৰ ঘৰত উদ্ধাৰ হোৱা পৰীক্ষাৰ এডমিট, প্ৰাৰ্থীৰ নামৰ তালিকাই এখনো তামোল নোখোৱাকৈ চাকৰি পোৱা বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথাত এতিয়া সন্দেহ সৃষ্টি কৰিছে ৰাইজৰ মনত ৷
তেওঁ কয় যে এই দুগৰাকী দালালৰ ঘৰৰ পৰা পৰীক্ষাৰ এডমিট, প্ৰাৰ্থীৰ নামৰ তালিকা উদ্ধাৰ হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে আগবঢ়াইছে বিশেষ মন্তব্য ৷ এই সমগ্ৰ ঘটনা দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰীয়ে কৈছে যে টকা দিয়া সকলে চাকৰি পোৱা নাই ৷ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহওঁতেই মুখ্যমন্ত্ৰীয়ে এই কথা কেনেকৈ জানিলে বুলি প্ৰশ্ন কৰে তেওঁ ৷