অসম

assam

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 10:28 PM IST

ETV Bharat / state

কয়লাৰ গাড়ীখনৰ কথা কিয় নক’লে মুখ্যমন্ত্ৰীয়ে ? সৰ্বত্ৰে উঠিছে প্ৰশ্ন

Dergaon Bus Accident : দেৰগাঁৱৰ শোকাৱহ দুৰ্ঘটনাটোৰ পিছতে প্ৰশ্ন উঠিছে দুৰ্ঘটনা সংঘটিত কৰা কয়লাভৰ্তি ট্ৰাকখনৰ সন্দৰ্ভত ৷ ট্ৰাকখনত থকা কয়লাখিনি কোনে আনিছিল, ক’লৈ নিছিল সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে আপ, অসমে ৷

dergaon bus accident
আম আদমি পাৰ্টি

আম আদমি পাৰ্টি, অসমৰ মন্তব্য

গুৱাহাটী, ৪ ডিচেম্বৰ : “ বনভোজৰ বাছ আৰু কয়লা ট্ৰাকৰ সংঘৰ্ষত দেৰগাঁৱত সংঘটিত শোকাৱহ ঘটনাই ৰাজ্যজুৰি শোকৰ ছাঁ পেলাইছে । ইয়াৰ পিছতেই পিকনিকৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই SOP ৰ কথা ক’লে যদিও কয়লা ট্ৰাকখনৰ কথা এবাৰো নক’লে কিয় ?” প্ৰশ্ন ৰাজ্যিক আপৰ ৷

আপ, অসমৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীৰ মন্তব্য যে পিকনিকৰ গাড়ীৰ ক্ষেত্ৰত নিয়ম দিলে, কিন্তু কয়লাৰ ট্ৰাক বা শিল বালি কঢ়িওৱা বাহনৰ ক্ষেত্ৰত সকীয়নিমূলক কথা কোৱা পৰিলক্ষিত নহ’ল । প্ৰতিদিনে কয়লা, শিল, বালিৰ বাহনৰ অভাৰল’ড, দ্ৰুতবেগৰ বাবে মানুহ নিহত হৈ থকাৰ খবৰ আছে । কিন্তু সেইসমূহ বাহনৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ নোহোৱাৰ আঁৰৰ কাৰণ কি ?

আপ, অসমৰ সভাপতি ডাঃ ভৱেন চৌধুৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়, ‘‘ যোৱা বৰ্ষত ৰাজ্য চৰকাৰে পৰিবহন আইন ভংগৰ নামত সংগ্ৰহ কৰিছিল 49 কোটি মাচুল । এই বৰ্ষত সংগ্ৰহ কৰিছে 55 কোটি । মাচুল সংগ্ৰহৰ পৰিমাণ বাঢ়িছে যদিও দুৰ্ঘটনা কমাব পৰা নাই । বিপৰীতে যোৱা বৰ্ষতকৈ এইবর্ষত 9.7 শতাংশ দুৰ্ঘটনাৰ পৰিমাণ বৃদ্ধি পাইছে । দুৰ্ঘটনাৰ কাৰণসমূহ যদি আমি চাওঁ ৰাষ্ট্ৰীয় পৰ্যায়তকৈ অসমৰ হাৰ যথেষ্ট বেছি ৷’’

ইয়াৰোপৰি আম আদমি পাৰ্টী, অসমে কেবাটাও গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰেঃ

1. ভুল দিশেৰে গাড়ী চলাচল কৰাৰ বাবে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দুৰ্ঘটনাৰ হাৰ 5 শতাংশ । কিন্তু অসমত হৈছে 11 শতাংশ ৷

2. সুৰাপান কৰি গাড়ী চলোৱাৰ ফলত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দুৰ্ঘটনাৰ হাৰ 2 শতাংশ, অসমত হৈছে 4 শতাংশ ৷

3. মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলোৱাৰ ফলত ভাৰতত দুৰ্ঘটনাৰ হাৰ 2 শতাংশ, অসমত 4 শতাংশ ।

4. ট্ৰেফিক সংকেত নমনাৰ ফলত দেশত দুৰ্ঘটনাৰ হাৰ 1 শতাংশ আৰু অসমত 3 শতাংশ ।

5. দ্ৰুতবেগৰ বাবে দুৰ্ঘটনাৰ হাৰ 65 শতাংশ ৷

আম আদমি পাৰ্টিয়ে এই তথ্যসমূহ সদৰী কৰি মালবাহী ট্ৰাক, শিল-বালি, কয়লা কঢ়িওৱা ট্ৰাকৰ দৌৰাত্ম ৰোধত পৰিবহন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্তাপন কৰে ৷ ইয়াৰোপৰি কয় যে ৰাষ্ট্ৰীয় ঘাইপথসমূহত 50 তকৈ অধিক ব্লেক স্পট আছে । লোক নিৰ্মাণ বিভাগৰ অধীনৰ পথত 30 তকৈ অধিক ব্লেক স্পট আছে । সেইসমূহ ঠিক কৰাৰ ক্ষেত্ৰত কি ব্যৱস্থা লৈছে চৰকাৰে জনাব লাগে বুলি দাবী জনায় ডাঃ ভবেন চৌধুৰীয়ে ।

ইয়াৰোপৰি তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ক্ষেত্ৰত অসমত চূড়ান্ত হেমাহি কৰা হৈছে । লেহেমীয়া গতিত নিৰ্মাণ হৈ থকা ৰাষ্ট্ৰীয় ঘাইপথত থকা গাঁত, খলা-বমা, সাংকেতিক চিহ্নসমূহ ভালকৈ নথকাৰ ফলত দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।

আনহাতে, উজনি অসমৰ চাৰিলেনযুক্ত পথৰ কাম 2015 চনতে আৰম্ভ হৈছিল বুলি মন্তব্য কৰি তেওঁ কয় যে তথাপিও কামত পাকৈত বুলি দাবী কৰা নীতিন গাডকাৰীৰ বিভাগে 9 বছৰে এই কাম শেষ কৰিব নোৱাৰিলে । যাৰ বাবেই দেৰগাঁৱৰ ঘটনাটো সংঘটিত হ’ল । ৰাজিন্দৰ ইনফ্ৰাষ্ট্ৰাক্সাৰ নামৰ ঠিকাদাৰি প্ৰতিষ্ঠানটোক আজিও জবাবদিহি কৰিব পৰা নাই কিয় বুলি প্ৰশ্ন কৰে অসম আপে ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰীয়ে এবাৰ ৰাজপথেৰে ডিব্ৰুগড়লৈকে ভ্ৰমণ কৰক: ৰাণা গোস্বামী

ABOUT THE AUTHOR

...view details