গুৱাহাটী, ১৬ অক্টোবৰ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টীৰ অসম প্ৰদেশেও কঁকালত টঙালি বান্ধিছে । সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত আম আদমী পাৰ্টীৰ অসম প্ৰদেশেৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টীৰ অসম প্ৰদেশে সাজু বুলি উল্লেখ কৰে । ডাঃ ভবেন চৌধুৰীয়ে কয় যে তেওঁলোকৰ দলটোৱে 'ইণ্ডিয়া'ৰ লগত সম্মিলিতভাৱে অসমত নিৰ্বাচনত অৱতীৰ্ণ হ'ব ।
আম আদমী পাৰ্টীৰ অসম প্ৰদেশেৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই সন্দৰ্ভত কয়,"আমি অসমত লোকসভা নিৰ্বাচনত তিনিৰ পৰা পাঁচখন আসনৰ দাবী জনাম । ডিব্ৰুগড়, গুৱাহাটী, তেজপুৰ আদিত আপৰ ভেটি ভাল । কিন্তু এতিয়ালৈকে অসমত লোকসভা নিৰ্বাচনত কোনকেইটা সমষ্টি দাবী কৰিব সেয়া চূড়ান্ত কৰা হোৱা নাই । এই সন্দৰ্ভত পৰৱৰ্তী সময়ত মিত্ৰজোঁটৰ লগত বৈঠক অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰে আম আদমী পাৰ্টীৰ অসম প্ৰদেশেৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে ।