গুৱাহাটী, 28 এপ্ৰিল: এমাহ পৰ্যন্ত ন্যায় নাপালে এটা দুৰ্ভগীয়া পৰিয়ালে ৷ ক’লৈ গ’ল অপৰাধী ? বিজেপিৰ নেতা হোৱা বাবেই পলুৱাই ৰখা হৈছে নেকি ধৰ্ষণকাৰীক (Minor girl rape in Tinsukia) ? উল্লেখ্য যে যোৱা ইংৰাজী ২০ মাৰ্চ তাৰিখে তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত কাটানি গাঁৱৰ নিবাসী জনৈক প্ৰজাৰ ১৩ বছৰীয়া কন্যা সন্তানক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছিল পঞ্চায়তৰ সভাপতি তথা বিজেপি সদস্য সমুদ্ৰ ৰায় লিম্বুৰ বিৰুদ্ধে । পৰৱৰ্তী পৰ্যায়ত এই ঘটনাৰ কথা স্থানীয় আৰক্ষীক অৱগত কৰোৱাৰ পিচতো নিৰৱ ভূমিকা পালন কৰিছিল আৰক্ষীয়ে (Protest demanding justice of a Rape victim) ।
ইফালে দিনৰ ওপৰি দিন উকলি যোৱাৰ পাচতো ভুক্তভোগী পৰিয়ালটোৱে ন্যায় নোপোৱাত কিশোৰীগৰাকীৰ ৪৫ বছৰীয়া মাতৃয়ে বিহুৰ দিনা অৰ্থাৎ 14 এপ্ৰিলৰ দিনটোতেই আত্মহননৰ পথ বাচি লয় (Rape victims mother suicide) । এই ঘটনাৰ খবৰ পোৱাৰ পিচতে স্থানীয় শ শ ৰাইজ ওলাই সন্ধিয়া বাহাদুৰ চাৰিআলি ঘাইপথ অৱৰোধ কৰাৰ লগতে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছিল (Protest in Tinsukia)। কিন্তু আজিলৈ আৰক্ষীৰ জালত নপৰিল ধৰ্ষণৰ অভিযুক্ত সমুদ্ৰ ৰায় লিম্বু (Rape accused not arrested yet)৷
ইয়াৰ পিচতে শুকুৰবাৰে নাবালিকাক ধৰ্ষণ কৰা বিজেপি নেতা সমুন্দ্ৰ ৰায় লিম্বুক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে আম আদমী পাৰ্টীয়ে (AAP Press meet on arrest rapist Samudra Rai Limbu) । আপৰ গুৱাহাটীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই এই দাবী উত্থাপন কৰি কয় যে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ কন্যা শিশু, নাবালিকা, যুৱতী আৰু মহিলা যে তিলমানো সুৰক্ষিত নহয়, শেহতীয়াকৈ তিনিচুকীয়াৰ কাটানি গাঁৱত হোৱা এই দুখজনক ঘটনাই উদঙাই দিছে । এগৰাকী কিশোৰীক বিজেপিৰ গাঁও পঞ্চায়তৰ সভাপতিয়ে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ লগতে বলাৎকাৰ কৰাৰ পাছতো অভিযুক্তজনৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই (AAP slams CM Himanta Biswa Sarma)।