অসম

assam

ETV Bharat / state

APSC Scam: এপিএছচি কেলেংকাৰীৰ অভিযুক্তৰ প্ৰতি নমনীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; জিতুল ডেকা - remark on APSC scam

APSC ৰ কেলেংকাৰী সন্দৰ্ভত দেওবাৰে আপ অসমৰ সংবাদমেল ৷ দুৰ্নীতিৰে চাকৰি লোৱা সকলক গ্ৰেপ্তাৰ কৰি 42 হাজাৰ প্ৰাৰ্থীৰ প্ৰতি মানৱীয়তা দেখুৱাওক বুলি মন্তব্য ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাৰ ৷

AAP Assam Press Meet Regarding APSC Scam
APSC ৰ কেলেংকাৰী সন্দৰ্ভত আপ অসমৰ সংবাদমেল

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 4:19 PM IST

আপ অসমৰ সংবাদমেল

গুৱাহাটী, 5 নৱেম্বৰ :দুৰ্নীতি দেখিলেই বাঘৰ দৰে জঁপিয়াই পৰিব বুলি সকীয়নি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া APSC ত ৰাকেশ পালক ধন দি দুৰ্নীতিৰে চাকৰি লোৱা বিষয়াৰ বিৰুদ্ধে বাঘৰ দৰে জঁপিয়াই পৰা নাই ৷ APSC ৰ কেলেংকাৰী সন্দৰ্ভত দেওবাৰে আপৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এইদৰে মন্তব্য কৰে ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই ৷

তেওঁ কয় যে APSC ত দুৰ্নীতি, কেলেংকাৰীৰে নিযুক্তি লাভ কৰা 39 গৰাকী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত জেললৈ প্ৰেৰণ কৰিছিল ৷ পৰবৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই সন্দৰ্ভত তদন্ত কৰি প্ৰতিবেদন দিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ সন্মানীয় বি কে শৰ্মাৰ দ্বাৰা এখন আয়োগ গঠন কৰি দিছিল ৷

গুৰুত্বপূৰ্ণ কথা যে এই আয়োগে APSC ৰ পৰীক্ষা ব্যৱস্থা, নথি -পত্ৰ, সাক্ষী, ফৰেনচিকৰ প্ৰতিবেদন, ন্যায়ালয়ত এই সন্দৰ্ভত চলি থকা গোচৰ আদি সকলো দিশৰ পৰা পুংখানুপুংখভাৱে তদন্ত কৰি প্ৰথম পৰ্যায়ত 2013 বৰ্ষৰ APSC পৰীক্ষাত সংঘটিত দুৰ্নীতি আৰু ৰাকেশ পালক টকা দি চাকৰি লোৱা প্ৰাৰ্থী সকলৰ নাম উল্লেখ কৰি 2022 চনৰ 2 এপ্ৰিলত চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল ৷

আপ অসমে উল্লেখ কৰিছে যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা চৰকাৰে প্ৰতিবেদন দাখিল কৰাৰ ডেৰ বছৰ উকলি যোৱাৰ পিছতো আজিলৈকে দুৰ্নীতিৰে চাকৰি লোৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস নকৰিলে ৷

আপৰ নেতাগৰাকীয়ে কয় যে, 2013 চনৰ APSC পৰীক্ষাৰ এই প্ৰতিবেদন দিয়াৰ পিছত কোৱা হ’ল যে 2014 চনৰ পৰীক্ষা সন্দৰ্ভত আয়োগৰ তদন্তৰ প্ৰতিবেদন লাভ কৰিলে একেলগে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ বি কে শৰ্মা আয়োগে 2 নৱেম্বৰত দ্বিতীয় প্ৰতিবেদনখনো চৰকাৰক দাখিল কৰিলে ৷ কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত যি বক্তব্য ৰাখিলে ৰাইজক হতবাক কৰি তুলিলে ৷ কাৰণ মুখ্যমন্ত্ৰীয়ে ক’লে যে প্ৰতিবেদনখনত কি আছে তেওঁ দেখা নাই ৷ ইয়াৰ দ্বাৰা APSC ত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ তেওঁৰ কিমান আগ্ৰহ সেই কথা ৰাইজে বুজি পাইছে ৷

সংবাদমেলত জিতুল ডেকাই কয় যে, মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমত কোৱা অনুসৰি প্ৰতিবেদনৰ পৰামৰ্শ মতে উক্ত বৰ্ষৰ চাকৰি প্ৰাপ্ত সকলোকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰে কাৰণ তেওঁলোকৰ পৰিয়াল আছে ৷ আয়োগৰ পৰামৰ্শ মতে সকলোকে চাকৰিৰ পৰা বৰ্খাস্ত নকৰে ঠিক আছে, কিন্তু যি সকলৰ নাম উল্লেখ আছে তেওঁলোকৰ বিৰুদ্ধে ডেৰ বছৰ উকলি যোৱাৰ পিছতো কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই ?

এই প্ৰতিবেদনত উল্লেখিত ৰাকেশ পালক টকা দি চাকৰি লাভ কৰা বিষয়াক চৰকাৰে পদোন্নতি দিছে, NIA ৰ দৰে গুৰুত্বপূৰ্ণ বিভাগত যোগদান কৰিছে ৷ এই প্ৰতিবেদনত উল্লেখ কৰা APS বিষয়াই ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে অথচ মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাহস কৰা নাই ৷

ডেকাই কয়, মানৱীয়তাৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে ৷ 2013 বৰ্ষৰ APSC পৰীক্ষাৰ 42 হাজাৰ প্ৰাৰ্থী এই কেলেংকাৰী, দুৰ্নীতিৰ বাবে প্ৰতাৰিত হৈছে ৷ মানৱীয়তা যদি দেখুৱাব লাগে দুৰ্নীতিৰে চাকৰি লোৱা সকলক গ্ৰেপ্তাৰ কৰি 42 হাজাৰ প্ৰাৰ্থীৰ প্ৰতি মানৱীয়তা দেখুৱাওক ৷ মুখ্যমন্ত্ৰীৰ এই মানৱীয়তা তেতিয়া কত গৈছিল, যেতিয়া তেওঁৰ নিৰ্দেশত নাৰায়ণ ডেকা আৰু মন্ত্ৰী অশোক সিংহলে শিলসাঁকোৰ খিলঞ্জীয়া পৰিয়ালৰ ঘৰ উচ্ছেদ কৰিছিল ৷ মুখ্যমন্ত্ৰীয়ে কৈছে পৰিয়াল থকাৰ বাবে APSC ৰ দুৰ্নীতিকাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰে ৷

আপ অসমে তেওঁক প্ৰশ্ন কৰিছে পৰিয়াল থকাৰ কাৰণেই আজিলৈকে বিজেপিৰ কাৰ্যালয়ৰ পৰা চলা চাকৰি কেলেংকাৰী, ইন্দ্ৰাণী তহবিলদাৰ আত্মহত্যাৰ ঘটনাত অভিযুক্ত অভিমন্যু দাসক গ্ৰেপ্তাৰ কৰা নাই নেকি ? পৰিয়াল থকাৰ বাবেই ভুৱা কল চেণ্টাৰৰ কেলেংকাৰীত অভিযুক্ত তচদিকুৰ নামৰ ব্যক্তি গৰাকীক গ্ৰেপ্তাৰ কৰা নাই নেকি ?

একেই বিজেপিৰ চৰকাৰ, একেই APSC ৰ দুৰ্নীতি বুলি মন্তব্য কৰি তেওঁ কয় পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত 39 জন গ্ৰেপ্তাৰ হৈ বছৰ বছৰ জেল খালে, চাকৰিৰ পৰা বৰ্খাস্ত হ’ল ৷ অথচ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 34 জনৰ নাম সন্মানীয় বি কে শৰ্মা আয়োগে প্ৰতিবেদন দিয়াৰ পিছতো গ্ৰেপ্তাৰ কৰাৰ সাহস কৰিব পৰা নাই ৷

মুঠৰ ওপৰত APSC কেলেংকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নমনীয় স্থিতি অসমৰ ৰাইজে বাৰুকৈয়ে প্ৰত্যক্ষ কৰিছে আৰু দুৰ্নীতিক লৈ মুখ্যমন্ত্ৰীৰ দুতলীয়া স্থিতি লাজ লগাকৈ প্ৰকট হৈছে বুলি কয় আপ অসমৰ নেতাজনে ৷ আপ অসমে বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈও চৰকাৰক দাবী জনায় ৷ সংবাদমেলত সাংগঠনিক সম্পাদক আলালউদ্দিন আহমেদ আৰু সদস্য আমিৰ হুছেইন উপস্থিত থাকে ৷

লগতে পঢ়ক :Bhupen Hazarika death anniversary 2023: সুধাকণ্ঠৰ মৃত্যু তিথিত এলাগী হৈ ৰ’ল ভূপেন হাজৰিকা মুকলি মঞ্চ

ABOUT THE AUTHOR

...view details