অসম

assam

ETV Bharat / state

পৰিবহণ নিগমত ইলেকট্রিক বাছ ক্ৰয়ত ব্যাপক দুৰ্নীতিৰ অভিযোগ আপৰ

অসম ৰাজ্যিক পৰিবহণ নিগমক (Assam State Transport Corporation) গুৱাহাটী স্মার্ট চিটী লিমিটেডে (Guwahati Smart City Ltd) আগবঢ়োৱা ২০০ কোটি টকাৰ ১৫১ কোটি ৬৪ লাখ ৪২ হাজাৰ ৫০০ টকাৰে ইলেকট্রিক বাছ ক্ৰয়ৰ নিবিদা প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ আশ্ৰয় লৈছে । এই অভিযোগ আপ অসমৰ (AAP Assam alleged corruption in electric bus purchase)।

AAP
AAP

By

Published : Sep 9, 2022, 6:15 PM IST

গুৱাহাটী, ৯ ছেপ্টেম্বৰ :অসম ৰাজ্যিক পৰিবহণ নিগমে ইলেকট্রিক বাছ ক্ৰয়ৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আপ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই (AAP Assam alleged corruption in electric bus purchase) । শুকুৰবাৰে আপ অসমৰ গণেশগুৰি মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত আপ অসমৰ ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকাই এই গুৰুতৰ অভিযোগ কৰি কৰে ৷

তেওঁ কয়, অসম ৰাজ্যিক পৰিবহণ নিগমক (Assam State Transport Corporation) গুৱাহাটী স্মার্ট চিটী লিমিটেডে (Guwahati Smart City Ltd) আগবঢ়োৱা ২০০ কোটি টকাৰ ১৫১ কোটি ৬৪ লাখ ৪২ হাজাৰ ৫০০ টকাৰে ইলেকট্রিক বাছ ক্ৰয়ৰ নিবিদা প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ আশ্ৰয় লৈছে (AAP Assam press meet in Guwahati) ।

এই সন্দৰ্ভত তেওঁ আৰ টি আইৰ তথ্য সদৰী কৰি কয় যে, অসম ৰাজ্যিক পৰিবহণ নিগম ৰাজ্যৰ এটা পুৰণি চৰকাৰী নিগম (RTI against ASTC electric bus) । যি নিগম লোকচানত চলি আছে । এই নিগমটো লাভলৈ অনাৰ বাবে চৰকাৰৰ কোনো উদ্যোগ আৰু পৰিকল্পনা নাই । এতিয়া নিগমটো কেৱল বিভিন্ন চৰকাৰী আঁচনিৰ টকাৰে বাছ কিনা নিগমত পৰিণত হৈছে ।

ক্ৰয় কৰা বাছবোৰ পৰৱৰ্তী সময়ত কেনেদৰে চলিছে বা কি অৱস্থাত আছে সেই কথা মূল্যায়ন নহয় । তেওঁ কয় যে, অতি শেহতীয়াকৈ অসম ৰাজ্যিক পৰিবহণ নিগমে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডৰ পৰা লাভ কৰিছে ২০০কোটি টকা । এই ২০০ কোটি টকাৰে পৰিবহণ নিগমে ৯ মিটাৰ দৈৰ্ঘ্যৰ ৯০ খন (without wheel chair lifting arrangement) আৰু ১০খন (with wheel chair lifting arrangement) মুঠ ১০০খন বাছ ক্ৰয়ৰ বাবে নিবিদা আহ্বান কৰিছিল । যি নিবিদা প্রক্রিয়া ব্যাপক অনিয়ম, অস্বচ্ছতাৰে সম্পন্ন হৈছে ।

কাৰণ এই নিবিদাত মাত্ৰ দুটা প্রতিষ্ঠানে অংশগ্ৰহণ কৰিছিল । ইয়াৰে এটা হৈছে Olectra Greentech Limited আৰু আনটো হৈছে M/S JBM Auto Limited । পৰিবহণ নিগমৰ নিবিদা কমিটীয়ে M/S JBM Auto Limited নামৰ প্রতিষ্ঠানটোক Technical Bid ত অযোগ্য ঘোষণা কৰে । যাৰ ফলত Olectra Greentech Limited একমাত্র নিবদাকাৰী হৈ পৰে । নিবিদা সমিতিয়ে এই প্রতিষ্ঠানটোক বাছনি কৰি প্ৰতিখন বাছৰ বিপৰীতে ১ কোটি ৫১ লাখ ৬৪ হাজাৰ ৪২৫ টকাকৈ মুঠ ১০০খন বাছৰ বাবে ১৫১ কোটি ৬৪ লাখ ৪২ হাজাৰ ৫০০ টকা বাছ ক্ৰয়ৰ বাবে আৱণ্টন দিয়ে ।

কিন্তু দেশত এনে ইলেকট্রিক বাছ নিৰ্মাণ কৰা বহু প্রতিষ্ঠান আছে । এনে ইলেকট্রিক বাছ কেৰালা চৰকাৰে একোখনত ১.১০ কোটি টকা, মহাৰাষ্ট্ৰৰ বচাই বিৰাৰ নিগমে ৯১ লাখ টকা, NTPC-এ ১১৩কোটি টকা আৰু হিমাচল পৰিবহণ নিগমে ৯৭ লাখ টকাত ক্রয় কৰিছে । অসম ৰাজ্যিক পৰিবহন নিগমৰ নিবিদাত যিহেতু মাত্র এটা প্রতিষ্ঠান নির্বাচিত হৈছে (corruption in bid of ASTC), গতিকে চৰকাৰী পুঁজি ৰাহি কৰাৰ বাবে পৰিবহন নিগমে দ্বিতীয়বাৰৰ বাবে এই নিবিদা আহ্বান কৰিব লাগিছিল যাতে বেছি প্রতিষ্ঠানে এই নিবিদা প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিব পাৰে আৰু কম মূল্যত ইলেকট্রিক বাছ ক্ৰয় কৰিব পাৰে ।

কিন্তু কার্যক্ষেত্ৰত সেয়া দেখা নগ'ল বুলি তেওঁ কয় । জিতুল ডেকাই লগতে কয় যে এই বাছসমূহ ক্ৰয়ৰ নামত পৰিবহণ নিগমে নিবিদা সম্পন্ন কৰাত যি লৰালৰি আৰু অস্বচ্ছতা দেখুৱাইছে, সেই বিষয়টোক লৈ সন্দেহৰ সৃষ্টি হৈছে । হয়তো ইয়াৰ আঁৰত কাৰোবাৰ বৃহৎ কমিছনৰ অংক আছে । গতিকে দুর্নীতি, উৎকোচ ৰোধ কৰাৰ কথা আওৰোৱা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে এই নিবিদা শীঘ্ৰে বাতিল কৰাৰ বাবে তেওঁ দাবী জনায় (AAP slammed Assam CM) ।

তেওঁ জনায় যে, আপ অসমে এই বিষয়তো সন্দৰ্ভত কে'গ (CAG)ৰ ওচৰত লিখিত অভিযোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সংবাদমেলত ৰাজ্যিক যুটীয়া সমন্বয়ক লক্ষ্মীকান্ত ডুৱে আৰু মিডিয়া সমন্বয়ক জয়ন্ত কলিতাও উপস্থিত থাকে ।

লগতে পঢ়ক :শিক্ষা বিভাগৰ নতুন সিদ্ধান্তক লৈ ক্ষোভ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

ABOUT THE AUTHOR

...view details