গুৱাহাটী, 24 আগষ্ট :ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰা প্ৰকাশ পাবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আমছুৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ । শণিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে কয় যে, এন আৰ চিৰ পুনৰীক্ষনৰ নামত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু ৰাইজ বহু হাৰাশাস্তিৰ সন্মূখীন হৈ আহিছে যদিও সংখ্যালখু ৰাইজে আৰম্ভণিৰে পৰা এন আৰ চি প্ৰক্ৰিয়াত সম্পূৰ্ণ সহযোগিতা কৰি আহিছে । আমছুৰ উপদেষ্টা গৰাকীয়ে হুংকাৰ প্ৰদান কৰি কয় যে, ইমানৰ পিছতো যদি এন আৰ চিৰ পৰা প্ৰকৃত ভাৰতীয় নাম বাদ পৰে অথবা এন আৰ চিত যদি এজনো বিদেশীৰ নাম অন্তৰ্ভূক্ত হয় তেন্তে আমছুৱে ধাৰাবাহিক ভাবে গণতান্ত্ৰিক আন্দোলন ৰূপায়ন কৰিব । লগতে কয় যে, এন আৰ চিখন বন্ধ কৰিবলৈ ষড়যন্ত্ৰ অব্যহত ৰাখিছে কিছুমান ৰাজনৈতিক নেতাই ৷
NRCৰ চূড়ান্ত খচৰাত বিসংগতি থাকিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ আমছুৰ - এন আৰ চিত চূড়ান্ত খচৰাত বিসংগতি থাকিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ আমছুৰ
এন আৰ চি সন্দৰ্ভত শণিবাৰে এক সংবাদমেল সম্বোধন কৰি এন আৰ চিত বিসংগতি থাকিলে ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে আমছুৱে
AAMSU PRESS MEET ON NRC
আনহাতে অসম চুক্তি সন্দৰ্ভত আমছুৰ নেতা গৰাকীয়ে কয় যে, অসম চুক্তি কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া সমিতিখনত সংখ্যালঘু ৰাইজৰ এজনো প্ৰতিনিধি নাই । অসম চুক্তি প্ৰকৃততে কাৰ্যকৰী হ'বলৈ হলে ধৰ্মীক আৰু ভাষিক সংখ্যালঘুৰ এজনকৈ প্ৰতিনিধি থকাটো প্ৰয়োজন বুলিও মত পোষণ কৰি সংগঠনটোৰ উপদেষ্টাগৰাকীয়ে ।
Last Updated : Aug 24, 2019, 11:31 PM IST