অসম

assam

By

Published : Oct 29, 2019, 9:33 PM IST

ETV Bharat / state

ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিক আদৰণি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ

ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিক বিভিন্ন মহলে আদৰণি জনাইছে যদিও চৰকাৰৰ এই সিদ্ধান্তই গৰম কৰি ৰাখিছে ৰাজ্যৰ ৰাজনীতি ৷ আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উপদেষ্ঠা আজিজুৰ ৰহমানে এক সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই কয় যে, ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত সঠিক সিদ্ধান্ত যদিও ইয়াকে লৈ কিছুমানে নিজৰ লাভৰ বাবে ৰাজনীতি কৰি আছে ৷

ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিক আদৰণি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ

গুৱাহাটী, 29 অক্টোবৰঃ ৰাজ্য চৰকাৰৰ জনসংখ্যা নীতিক আদৰণি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ৷ ৰাজ্য চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে যে দুটাতকৈ অধিক সন্তান থকা ব্যক্তি সকলে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব নোৱাৰিব ৷ চৰকাৰৰ এই সিদ্ধান্তক বিভিন্ন মহলে আদৰণি জনাইছে যদিও চৰকাৰৰ এই সিদ্ধান্তই গৰম কৰি ৰাখিছে ৰাজ্যৰ ৰাজনীতি ৷

আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উপদেষ্টা আজিজুৰ ৰহমানে এক সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই কয় যে, ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত সঠিক যদিও ইয়াক লৈ কিছুমানে নিজৰ লাভৰ বাবে ৰাজনীতি কৰি আছে ৷ তেখেতে লগতে কয় যে, জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা সিদ্ধান্ত গ্ৰহণযোগ্য যদিও কেৱল অইন প্ৰণয়ন কৰি বা চৰকাৰী আঁচনিৰ পৰা ৰাইজক বঞ্চিত কৰাৰ ভয় দেখুৱাই জনসংখ্যা নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয় ৷ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ৰাজ্যৰ পিছপৰা অঞ্চল সমূহত সঠিক ভাৱে শিক্ষা ব্যৱস্থা প্ৰণয়ন কৰাৰ লগতে দৰিদ্ৰতা দূৰীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলিও মন্তব্য প্ৰকাশ কৰে ৷

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সংবাদমেল

আনহাতে, আমছুৰ উপদেষ্টা গৰাকীয়ে ভূমিহীন লোকক চৰকাৰে তিনি বিঘাকৈ ভূমি প্ৰদান কৰাৰ লগতে যিসকল লোকৰ নাম প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ পোৱাৰ পিয়লৰ তালিকাত অন্তৰ্ভুক্ত হৈছে কিন্তু ঘৰ নিৰ্মাণ কৰিবলৈ নিজৰ ভূমি নাই তেনে লোকক ৫০ হাজাৰ টকা ভূমি ক্ৰয় কৰিবলৈ প্ৰদান কৰিব বুলি লোৱা সিদ্ধান্তক এক উল্লেখযোগ্য আৰু আদৰণীয় পদক্ষেপ বুলি স্বীকাৰ কৰে ৷ কিন্তু এই সুবিধা অকল খিলঞ্জীয়া লোক সকলে লাভ কৰিব বুলি কৰা মন্তব্যত প্ৰকৃত খিলঞ্জীয়াৰ পৰিচয় বিছাৰি চৰকাৰক সমালোচনা কৰে ৷

ABOUT THE AUTHOR

...view details