গুৱাহাটী, ১৫ ছেপ্টেম্বৰ: জনজাতিকৰণৰ পৰা পুনৰ বঞ্চিত কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে (All Assam Koch Rajbongshi Sanmilani )। বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱে জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলনৰ হুংকাৰ দিয়ে (AAKRS press meet in Guwahati)।
তেওঁ কয় যে চৰকাৰে কোচ ৰাজবংশীক অৱহেলা কৰি আহিছে । অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ ইচ্ছা নাই চৰকাৰৰ । নিৰ্বাচন আহিলেই আলোচনা কৰে আৰু নিৰ্বাচন গ'লেই খবৰ নাথাকে । নিৰ্বাচনৰ পূৰ্বে দল সংগঠনক মাতি নি প্ৰলোভন দিয়ে চৰকাৰে (AAKRS demanding tribalisation)।
তেওঁ কয় যে ৰাজ্যসভাত বিধেয়ক উত্থাপন হৈছে, গতিকে এতিয়া জনজাতিকৰণৰ বাবে মন্ত্ৰীগোটৰ অনুমতিৰ প্ৰয়োজন নাই । মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মন্তব্যক তেওঁ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । তেওঁ লগতে কয় যে এইবাৰ জাতিৰ আৱেগত ভোট দিম, ধৰ্মীয় আৱেগত ভোট নিদিও । হিন্দু বাবে আগতে ধৰ্মীয় আৱেগত বিজেপিক ভোট দিছিলো । উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ লগত থাকিম, কিন্তু প্ৰয়োজন হ'লে সকলো ত্যাগ কৰিম ।