অসম

assam

By

Published : Sep 27, 2020, 7:52 AM IST

ETV Bharat / state

পথৰ মাজত জাল পাতিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে

পথৰ মাজত জাল, লাঙিৰে মাছ মাৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পশ্চিম গুৱাহাটী আঞ্চলিক সমিতিৰ ৷ পথ মেৰামতিত গুৰুত্ব নিদিলে ২০২১ৰ নিৰ্বাচনত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক বৰ্জন কৰাৰো হুংকাৰ ।

aajycp protest
aajycp protest

গুৱাহাটী, 27 ছেপ্টেম্বৰ : জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে মহানগৰীৰ জনতাক । এজাক বৰষুণ দিলে এই সমূহ পথত খোজ দিবলৈ হাজাৰ বাৰ চিন্তা কৰিব লাগে পথচাৰীয়ে । বিধস্ত পথ মেৰামতিৰ দাবীৰে শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰূপায়ণ কৰে এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচীৰ ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

পথৰ মাজত জাল, লাঙিৰে মাছ মাৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । বিশেষকৈ মহানগৰীৰ বৰাগাঁও-গোশালা সংযোগী পথটো দীৰ্ঘদিন ধৰি অতি জৰাজীৰ্ণ অৱস্থাত আছে । পথটোৰ মাজত সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত । যাৰ বাবে বিভিন্ন সময়ত সংঘটিত হৈছে দুৰ্ঘটনা । এই সন্দৰ্ভত বহু আবেদন-নিবেদন কৰিও কোনো সুফল পোৱা নাই ৰাইজে ।

বৰাগাঁও-গোশালা সংযোগী পথ

সেয়ে এই অভিনৱ পদ্ধতিৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পশ্চিম গুৱাহাটী আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ । বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীয়ে । স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকো সকিয়নী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকলৰ । পথ মেৰামতিত গুৰুত্ব নিদিলে ২০২১ৰ নিৰ্বাচনত বিধায়কগৰাকীক বৰ্জন কৰাৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।

লগতে পঢ়ক :SI নিযুক্তি কেলেংকাৰীঃ নলবাৰীৰ পৰা পুনৰ তিনিজনক আটক

ABOUT THE AUTHOR

...view details