গুৱাহাটী, 29 অক্টোবৰঃ মঙলদৈৰ এজন যুৱক, নাম প্ৰাঞ্জল ডেকা ৷ মঙলদৈ ভকতপাৰাৰ যুৱকজন সম্প্ৰতি হাস্পতালৰ বিচনাত মৃত্যুৰে যুঁজ দি আছে ৷ কাৰণ যুৱকজনৰ দুয়োটা কিডনীয়েই বিকল ৷
জীৱনৰ আদ বাটতে মৃত্যুৰে যুঁজিছে মঙলদৈৰ এজন যুৱকে ! - Account number 30929388664, IFSC SBIN0002077 ধন জমা দিব পাৰে
মঙলদৈৰ প্ৰাঞ্জল ডেকা নামৰ এজন যুৱকৰ দুয়োটা কিডনী বিকল ৷ যুৱকজনক সুস্থ কৰিবলৈ প্ৰয়োজন বৃহৎ ধনৰাশিৰ ৷ কোনো ব্যক্তিয়ে যদি সহায় কৰিব বিচাৰে তেন্তে Sovam chandra Deka. তেখেতৰ Account number 30929388664, IFSC SBIN0002077 ধন জমা দিব পাৰে ৷
যুৱকজনক সুস্থ কৰি তুলিবলৈ পৰিয়ালৰ লোকক দৰকাৰ এটা কিডনীৰ ৷ কিডনীৰ বাবদ পৰিয়ালটোক লাগে বহু পৰিমাণৰ ধন ৷ কিন্তু হাতত নাই জমা ধন ৷ চিকিৎসাৰ বাবদ ইতিমধ্যে খৰচ হৈছে বৃহৎ ধনৰাশি ৷ সেয়ে দুৰ্ভগীয়া পৰিয়ালটোৱে ৰাইজৰ পৰা সহায় বিচাৰিছে ৷ যদি কোনো ব্যক্তিয়ে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে Sovam chandra Dekaৰ নামত থকা Account number-30929388664, IFSC-SBIN0002077 ধন জমা দিব পাৰে ৷ আপোনাৰ অকণমান সহায়ে প্ৰাঞ্জলক পুনৰ জীৱনত আগবাঢ়ি যাবলৈ সুযোগ প্ৰদান কৰিব ৷ বৰ্তমান প্ৰাঞ্জল ডেকা দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ আছে ৷