গুৱাহাটী, ২৫ জানুৱাৰী : প্ৰীতি, ছোনিয়া, লীনা, গৰিমাহঁতৰ এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ খানাপাৰা, ভৰলুমুখ, জালুকবাৰীত ৰং সনাত ব্যস্ত হৈ পৰিছে তেওঁলোক ৷ বিদেশী আলহীক আদৰিবলৈ সাজু হোৱা অসমীয়াৰ অন্যতম সহযোগী হৈ পৰিছে তেওঁলোক ৷ হাতে-হাতে ৰং লৈ মহানগৰীৰ দেৱাল চকুত লগা কৰিবলৈ বিগত প্ৰায় 9 দিনে কষ্ট কৰিছে প্ৰীতিহঁতৰ দলটোৱে (Wall painting by Girl in Guwahati)৷
ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’ব G20 সন্মিলন ৷ গুৱাহাটী আৰু ডিব্ৰুগড়ত G20 সন্মিলনৰ প্ৰায় 9 খন বৈঠক অনুষ্ঠিত হ’ব (G20 summit in Guwahati)৷ সেয়েহে সমগ্ৰ গুৱাহাটীখন আটকধুনীয়াকৈ সজাই তোলাৰ বাবে দিনে-ৰাতিয়ে ব্যস্ত পৰিছে চৰকাৰ ৷ সমান্তৰালকৈ হাতত ৰং লৈ কেইগৰাকীমান যুৱতীক পুৱাৰ পৰা গধূলিলৈকে মহানগৰীৰ ৰাজপথত ব্যস্ত হৈ পৰা দেখা গৈছে ৷
মহানগৰীৰ দেৱালসমূহ আকৰ্ষণীয় কৰিবলৈ চেষ্টা চলোৱা যুৱতীকেইগৰাকী চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ (Government College Of Art and Crafts Guwahati) ছাত্ৰী ৷ মহাবিদ্যালয়খনৰ ছাত্ৰী প্ৰীতি সিনহা, ছোনিয়া বড়ো, লীনা বড়ো, গৰিমা ডেকা নামৰ ছাত্ৰী কেইগৰাকীয়ে মহানগৰীৰ দেৱাল অংকণত ব্যস্ত হৈ পৰিছে ৷ G২০ সন্মিলনক লৈ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক ন-কইনাৰ ৰূপেৰে সজোৱাত ব্যস্ত হৈ পৰা প্ৰশাসনক সহায় কৰিছে তেওঁলোকে ৷ কিছুদিন পাছতেই নতুন ৰূপত জিলিকি উঠিব ৰাজধানী মহানগৰী গুৱাহাটী ৷
গুৱাহাটীৰ পদপথ, ডিভাইডাৰ, উৰণীয়া সেঁতু আদিত দিনে-নিশাই চলিছে ৰংসনা কাম ৷ একেদৰে গুৱাহাটীৰ ৰাজপথৰ শোভাবৰ্ধন কৰাৰ বাবে দিনে-নিশাই ব্যস্ত হৈ পৰিছে শ-শ শ্ৰমিক ৷ তাৰ সমান্তৰালভাৱে বিভিন্ন স্থানৰ দেৱালসমূহত অংকণ কৰাত ব্যস্ত হৈ পৰিছে একাংশ যুৱক-যুৱতী । মহানগৰীৰ খানাপৰা, ভূতনাথ, ভৰলুমুখ, জালুকবাৰী, বি বৰুৱা পথ, গুৱাহাটী ক্লাৱ আদি স্থানৰ দেৱাল অংকণত ব্যস্ত হৈ পৰিছে তেওঁলোক ৷