অসম

assam

ETV Bharat / state

অসন্তুষ্ট অজিত ভূঞা,কিন্তু কিয় ? - A SPECIAL DISCUSSION ON CORONA BY MP AJIT KUMAR BHUYAN ASSAM ETV BHARAT NEWS

ক'ৰণা ভাইৰাছৰ ভয়াৱহতাৰ সময় চোৱাত চৰকাৰে লোৱা ব্যৱস্থা সমূহক অগ্ৰাহ্য কৰা নাই সাংসদ গৰাকীয়ে কিন্তু অসমৰ বিৰোধী ৰাজনৈতিক দল তথা বিভিন্ন বিশিষ্ট ব্যক্তি সকলে বৰ্তমান পৰিস্থিতি সন্দৰ্ভত কি ভাবিছে চৰকাৰে জনাৰো প্ৰয়োজন আছে বুলি মন্তব্য প্ৰকাশ কৰে সাংসদ গৰাকীয়ে।

কৰ'ণা সম্পৰ্কত সাংসদ অজিত কুমাৰ ভূঞাৰ বিশেষ আলোচনা
কৰ'ণা সম্পৰ্কত সাংসদ অজিত কুমাৰ ভূঞাৰ বিশেষ আলোচনা

By

Published : Apr 28, 2020, 8:37 PM IST

Updated : Apr 28, 2020, 8:50 PM IST

গুৱাহাটী, 28 এপ্ৰিলঃ চৰকাৰৰ স্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ তথা জেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞাৰ। ক'ৰণা ভাইৰাছ ভয়াৱহতাৰ সন্দৰ্ভত ভবিষ্যতে ল'ব লগা ব্যৱস্থাৰ লগতে তলাবন্ধৰ পিছৰ পর্যায়ৰ পৰিস্থিতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাৰ বাবে অসমৰ বিশিষ্ট ব্যক্তিৰ লগতে বিৰোধী দলৰ প্ৰতিনিধি সকলৰ সৈতে এক আলোচনাৰে মিলিত হ'বলৈ বিচাৰিছিল সাংসদ তথা জেষ্ঠ সাংবাদিক গৰাকী । সেই সিদ্ধান্তৰ বিষয়ে প্ৰশাসনক অৱগত কৰাৰ পিছতে প্ৰশাসনে বাধা আৰোপ কৰিছিল আলোচনাত মিলিত হোৱাৰ ক্ষেত্ৰত। মঙলবাৰে হেদায়েৎপূৰৰ এক আলোচনা সভাত সামাজিক দুৰত্ব বর্তাই ৰাখি 15 জন ব্যক্তিৰ সৈতে আলোচনাত মিলিত হ'ব বুলি প্ৰশাসনক আগতীয়াকৈ জনাইছিল অজিত কুমাৰ ভূঞাই । কিন্তু প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৰাকীয়ে ।

অসন্তুষ্ট অজিত ভূঞা, কিন্তু কিয় ?

ক'ৰণা ভাইৰাছৰ ভয়াৱহতাৰ সময় চোৱাত চৰকাৰে লোৱা ব্যৱস্থা সমূহক অগ্ৰাহ্য কৰা নাই সাংসদ গৰাকীয়ে কিন্তু অসমৰ বিৰোধী ৰাজনৈতিক দল তথা বিভিন্ন বিশিষ্ট ব্যক্তি সকলে বৰ্তমান পৰিস্থিতি সন্দৰ্ভত কি ভাবিছে চৰকাৰে জনাৰো প্ৰয়োজন আছে বুলি মন্তব্য প্ৰকাশ কৰে সাংসদ গৰাকীয়ে । প্ৰশাসনে এই আলোচনা সভাত নিষেধাজ্ঞা আৰোপ কৰাত আশ্বৰ্য প্ৰকাশ কৰিছে অজিত কুমাৰ ভূঞাই । সাংসদ গৰাকীয়ে মন্তব্য প্ৰকাশ "চৰকাৰে সাংবাদিক মেল প্ৰতিদিনে পাতিছে,যেতিয়া মন কৰিছে চৰকাৰে আলোচনা সভা অনুষ্ঠিত কৰিছে সামাজিক দুৰত্ব বর্তাই ৰাখি গতিকে আমিও সকলো নিৰ্দেশনা মানি চলি সভা অনুষ্ঠিত কৰিব বিচাৰিছিলো তাত বাধা দিয়াৰ কি কাৰণ থাকিব পাৰে সেই কথাত মই স্তম্ভিত হৈছো ।" গুৰুত্বপূৰ্ণ বিষয়টোত কেৱল চৰকাৰৰ ক'বলগীয়া নহয় বাকী ৰাজনৈতিক দলৰ প্ৰতিনিধিৰো ক'ব লগীয়া আছে বুলি জানিবলৈ দিলে সাংসদ গৰাকীয়ে ।

চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ সন্দৰ্ভত বিৰোধিতা কৰি চৰকাৰক দাবী জনাই যে সীমিত পৰিসৰত যদি কোনোৱে বিষয়টো সন্দৰ্ভত পৰ্যালোচনা কৰাৰ প্ৰয়াস কৰিছে তেনেস্থলত সুযোগ দিয়াৰ যুক্তিযুক্ততা আছে বুলি কয় জেষ্ঠ সাংবাদিক গৰাকীয়ে । এই বাধা নিষেধ উঠাই লোৱাৰ লগতে সমগ্ৰ বিষয়টো চৰকাৰক পৰ্যালোচনা কৰাৰ দাবী জনায় অজিত কুমাৰ ভূঞাই।

লগতে চাওকঃ সাহাৰ্য সংগ্ৰহৰ নামত চৰকাৰৰ অঘোষিত প্ৰতিযোগিতা চলিছেঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

Last Updated : Apr 28, 2020, 8:50 PM IST

ABOUT THE AUTHOR

...view details