অসম

assam

ETV Bharat / state

উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল কৃষি বিভাগৰ জ্যেষ্ঠ সহায়িকা - arrests while taking bribed

দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ’ল কৃষি বিভাগৰ জ্যেষ্ঠ সহায়িকা জনৈক দাস মেহতা (A senior assistant of agriculture department arrests) । জানিব পৰা মতে কৰ্মচাৰী গৰাকীয়ে গুৱাহাটীৰ নিজ বাসগৃহত এগৰাকী মহিলাৰ পৰা ১৫ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ।

a-senior-assistant-of-agriculture-department-arrests-while-taking-bribed
উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল কৃষি বিভাগৰ জ্যেষ্ঠ সহায়িকা

By

Published : Feb 10, 2022, 9:40 PM IST

Updated : Feb 11, 2022, 7:13 AM IST

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : পুনৰ উৎকোচৰ ঘটনা । এইবাৰ ১৫ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হ'ল কৃষি বিভাগৰ এগৰাকী জ্যেষ্ঠ সহায়িকা । উৎকোচ লৈ থকাৰ সময়তে বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে দিশপুৰৰ জনতা ভৱনৰ কৃষি বিভাগৰ কাৰ্যালয়ৰ এগৰাকী জ্যেষ্ঠ সহায়িকাক হাতে-লোটে গ্ৰেপ্তাৰ কৰে (A senior assistant of agriculture department arrests) ।

দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হোৱা কৃষি বিভাগৰ জ্যেষ্ঠ সহায়িকা জনৈক দাস মেহতাক । কৰ্মচাৰী গৰাকীয়ে গুৱাহাটীৰ নিজ বাসগৃহত এগৰাকী মহিলাৰ পৰা ১৫ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰি থকাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে । প্ৰাপ্ত তথ্য অনুসৰি, তেওঁ এগৰাকী মহিলাক অনুকম্পামূলক নিযুক্তি প্ৰদান কৰাৰ বিনিময়ত ১ লাখ টকা বিচাৰিছিল ।

যিগৰাকী মহিলাৰ পৰা দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ থকা কৰ্মচাৰী গৰাকীয়ে ১ লাখ টকা বিচাৰিছিল সেই গৰাকী মহিলাৰ স্বামী কৃষি বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল ।

স্বামীৰ মৃত্যুৰ পাছত মহিলাগৰাকীৰ পৰা অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত তেওঁক ১ লাখ টকা বিচাৰিছিল কৰ্মচাৰী গৰাকীয়ে । বৃহস্পতিবাৰে মহিলা গৰাকীয়ে তেওঁক ১৫ হাজাৰ টকা দিবলৈ যোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে গ্ৰেপ্তাৰ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি এতিয়া জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :এখন তয়াময়া ৰণ: শিৱসাগৰৰ ৰাজপথত মহিলাৰ ৰুদ্ৰমূৰ্তি

Last Updated : Feb 11, 2022, 7:13 AM IST

ABOUT THE AUTHOR

...view details