গুৱাহাটী, 15 জুনঃ চিকিৎসালয়, হোটেল-ৰেষ্টুৰেন্ট আদিত ব্যৱহাৰ কৰিব পৰাকৈ এটা ৰবট উদ্ভাৱন কৰি উলিয়াইছে এছ.এন ফৰিদ নামৰ উদ্ভাৱক গৰাকীয়ে ৷ COVID-19ৰ সময়ত স্বাস্থ্যকৰ্মী সকলৰ প্ৰতি অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি এই অভিনৱ ৰবট সাজি উলিয়াইছে এছ.এন ফৰিদে ৷ 'দুবৰি' নামৰ ৰবটটোৱে ৰোগীক সময়মতে যোগান ধৰিব ঔষধৰ ৷ যিয়ে COVID আক্ৰান্ত ৰোগীসকলৰ সংস্পৰ্শত অহাৰ পৰা বিৰত ৰাখিব স্বাস্থ্যকৰ্মী সকলক ৷
কৰ'ণা আক্ৰান্তৰ শুশ্ৰূষাৰ বাবে সাজু 'দুবৰি' - ৰবটৰ জৰিয়তে ৰোগীক শুশ্ৰূষা
COVID আক্ৰান্ত ৰোগীসকলৰ সংস্পৰ্শত নহাকৈয়ে তেওঁলোকৰ শুশ্ৰূষাৰ অৰ্থে এটা ৰবট উদ্ভাৱন কৰি উলিয়াইছে এছ.এন ফৰিদ নামৰ উদ্ভাৱক গৰাকীয়ে ৷
a robot invented for the treatment purpose of corona patient in guahati
আনহাতে চিকিৎসক সকলে ৰোগীৰ কাষলৈ যোৱাৰ পৰিৱৰ্তে দূৰৈৰ পৰাই এই ৰবটৰ জৰিয়তে ৰোগীক শুশ্ৰূষা কৰিব পাৰিব ৷ সোমবাৰে মহানগৰীৰ শিলপুখুৰীস্থিত উৰুকা নামৰ ৰেষ্টুৰেন্ট খনত এছ.এন ফৰিদে মুকলি কৰে দুবৰি নামৰ ৰবটতো ৷ লগতে এই ৰবটে হোটেল-ৰেষ্টুৰেন্ট আদিতো গ্ৰাহকক খাদ্য যোগান ধৰিব পাৰিব বুলি উল্লেখ কৰে উদ্ভাৱক এছ.এন ফৰিদে ৷
লগতে পঢ়কঃএতিয়াৰে পৰা বঙাইগাঁৱত কৰ'ণা ৰোগীক দৰৱ যোগান ধৰিব ৰিম'ট কন্ট্ৰ'ল বাহনে