গুৱাহাটী, 28 ছেপ্তেম্বৰ: শীঘ্ৰেই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু 70 সংগঠনৰ উদ্যোগত ভূমিষ্ঠ হ'ব নতুন আঞ্চলিক ৰাজনৈতিক দল । তীব্ৰ গতিত চলি আছে প্ৰাৰম্ভিক কাম-কাজসমূহ । বিজেপি তথা ৰাষ্ট্ৰীয় দলসমূহক ওফৰাই আঞ্চলিক শক্তি প্ৰতিষ্ঠা কৰাই মূল লক্ষ্য হ'ব দলটোৰ ।
ৰাইজৰ আহ্বান মৰ্মে এই দল গঠনৰ প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে । ইটিভিৰ ভাৰতৰে হোৱা এক আছুটীয়া সাক্ষাৎকাৰত পোণ প্ৰথমবাৰৰ বাবে দলটোৰ লক্ষ্য আৰু পৰিকল্পনাৰ কথা জনালে কৃষক মুক্তিৰ নেতা ধৈৰ্য্য কোঁৱৰে ৷
উল্লেখ্য যে, এক দল, এক পতাকাৰ পৰিকল্পনা অসম্ভৱ হোৱাৰ পিছতে নিজাববীয়াকৈ ৰাজনৈতিক দল গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।