অসম

assam

ETV Bharat / state

তেতেলীয়াত বিদুৎস্পৃষ্ট হৈ এজনৰ কৰুণ মৃত্যু - short circuit at Tetelia

ব্যক্তিজনে তেওঁৰ ঘৰৰ ওচৰৰ পুখুৰী এটাত মাছ মাৰি ধৰিবলৈ যাওতেই সংঘটিত হয় এই দুৰ্ঘটনা ৷

A man died in short circuit at Tetelia
তেতেলীয়াত বিদুৎস্পৃষ্ট হৈ এজনৰ কৰুণ মৃত্যু

By

Published : Aug 14, 2020, 4:11 PM IST

গুৱাহাটী,14 আগষ্ট : মহানগৰীৰ তেতেলীয়াত সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ মাছ ধৰিবলৈ গৈ বিদুৎ পৃষ্ট হৈ অকাল মৃত্যুক সাৱতিলে পৱিত্ৰ দাস নামৰ এগৰাকী ব্যক্তিয়ে ৷ ব্যক্তিজনে তেওঁৰ ঘৰৰ ওচৰৰ পুখুৰী এটাত মাছ মাৰি ধৰিবলৈ যাওতেই সংঘটিত হয় এই দুৰ্ঘটনা ৷ সমগ্ৰ ঘটনা সমদৰ্ভত বৰ্তমান উক্ত অঞ্চলটোত বিৰাজ কৰিছে ৷ বিদুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

তেতেলীয়াত বিদুৎস্পৃষ্ট হৈ এজনৰ কৰুণ মৃত্যু

উল্লেখ্য যে, পুৱা প্ৰায় 4 মান বজাতে উক্ত পুখুৰীটোত মাছ ধৰিবলৈ গৈছিল পৱিত্ৰ দাসে ৷ কিন্তু পুখুৰীটোত ছিঙি পৰি আছিল এডাল উচ্চ ক্ষমতাসম্পন্ন বিদুৎ পৰিৱাহী তাঁৰ। লোকজনে পুখুৰীত নমাৰ সময়তে শ্বৰ্ট চাৰ্কিট হৈ কৰুণ মৃত্যুক সাৱটি লয় লোকজনে ৷ উল্লেখনীয় যে,বহু সময় ধৰি বিদ্যুতৰ তাঁৰত শ্বৰ্ট চাৰ্কিট হৈ থকাৰ সময়ত স্থানীয় লোকে বহু সময় ধৰি শক্তি বিভাগৰ কৰ্মচাৰীক যোগাযোগ কৰি আছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়কঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ওডালগুৰিত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

ABOUT THE AUTHOR

...view details