গুৱাহাটী, 18 অক্টোবৰ :মহানগৰীৰ পাথৰকুঁৱেৰী-সাতগাঁও পথৰ 'ৰুদ্ৰাক্ষ কুন্দন'ত অঘটন ৷ 'ৰুদ্ৰাক্ষ কুন্দন' নামৰ এটা নিৰ্মীয়মান এপাৰ্টমেণ্টৰ নৱম মহলাৰ পৰা সোমবাৰে পুৱাৰ ভাগত কাম কৰি থকা অৱস্থাতে হঠাৎ এজন শ্ৰমিক তললৈ সৰি পৰি থিতাতে মৃত্যুক সাৱটি লয় ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ।
মৃত শ্ৰমিকজন হৈছে ক্ষেত্ৰীৰ নিজ ডিমৰীয়াৰ গণেশ দাস(২৫) । উক্ত এপাৰ্টমেণ্টটোত কৰ্মৰত একাংশ শ্ৰমিকে সদৰী কৰা অনুসৰি, মৃত লোকজনে কোনো ধৰণৰ সুৰক্ষা কৱচ পৰিধান নকৰাকৈ কাম কৰি আছিল ৷ সদায়ৰ দৰে সোমবাৰেও পুৱা প্ৰায় ৬ বজাত শ্ৰমিকজনে নৱম মহলাত কাম কৰি থকাৰ সময়তে অকস্মাৎ পৰি যায় আৰু মৃত্যু ঘটে ৷
এই ঘটনাৰ পিছত কৰ্মৰত আন শ্ৰমিকসকলৰ মাজত সৃষ্টি হয় হুৱা-দুৱা পৰিৱেশৰ ৷ লগে লগে ঘটনা সন্দৰ্ভত এপাৰ্টমেণ্ট কৰ্তৃপক্ষই সাতগাঁও আৰক্ষীক খবৰ দিয়ে । ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ।