নগাঁও, 6 মে' : পুনৰ বিতৰ্কত নাম সাঙোৰ খাইছে নগাঁৱৰ এ.জে. হাস্পতালৰ (A J Hospital in Nagaon in controversy again)। ব্যক্তিগত খণ্ডৰ এই চিকিৎসালয়খনৰ বিৰুদ্ধে বাৰম্বাৰ ভুল চিকিৎসা সেৱা আগবঢ়োৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । কেৱল এয়াই নহয় পূৰ্বেও এইখন বিতৰ্কিত এ,জে হাস্পতালৰ বিৰুদ্ধে ভুল চিকিৎসা সেৱা আগবঢ়োৱাৰ বাতৰি প্ৰকাশিত হৈছিল বিভিন্ন সংবাদমাধ্যমত (Wrong treatment in private nursing home)।
পুনৰ সেই একেই অভিযোগ উত্থাপিত হৈছে এই হাস্পতালৰ বিৰুদ্ধে । ইফালে, নগাঁও জিলাৰ বটদ্ৰৱাৰ বাটমাৰী গাঁৱৰ আব্দুল হক নামৰ লোকজনে এইখন এ,জে হাস্পতালৰ বিৰুদ্ধে ভুল চিকিৎসা সেৱা আগবঢ়োৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে (Allegation against private nursing home in Nagaon)। উল্লেখ্য যে, হাস্পতালখনত বিগত আঠ মাহ পূৰ্বে ভৰিত স্কেল বহুৱাই অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল আব্দুল হকে ।