গুৱাহাটী, 11 নৱেম্বৰঃসংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী ৷ এই গুৰুতৰ অভিযোগ অসম সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ ৷ বুধবাৰে এক সংবাদমেল যোগে মমিনুল আৱালে কয় যে,সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ভুৱা ছাত্ৰ সৃষ্টি কৰি ৫০১ কোটি ৪০ লাখ ৪ হাজাৰ টকাৰ ধন হৰলুকি কৰিছে বৃহৎ চক্ৰটোৱে ৷ ইমানেই নহয় এই কাণ্ডত শিক্ষক, বেংক বিষয়াও জড়িত হৈ আছে বুলি অভিযোগ তোলে আৱালে ৷
তদুপৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী মুক্তাৰ আব্বাচক সমগ্ৰ বিষয় সন্দৰ্ভত অৱগত কৰোৱাৰ পিছতে 8 নৱেম্বৰৰ পৰা চিবিআইয়ে অসম,পঞ্জাৱ, ঝাৰখণ্ড,বিহাৰ এই চাৰিখন ৰাজ্যত তদন্ত আৰম্ভ কৰিছে বুলি সংবাদমেলযোগে উল্লেখ কৰে সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষগৰাকীয়ে ৷