গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: শেহতীয়াকৈ অভাৱনীয় হাৰত গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ (Air quality in Guwahati)। ভাসমান ধূলিকণাই প্ৰদূষিত কৰিছে মহানগৰীৰ বায়ুমণ্ডল । বায়ুৰ সূচংকা ক্ৰমাৎ বৃদ্ধিক লৈ শংকিত হৈছে সচেতন নাগৰিকসকল । এইবাৰ বায়ু প্ৰদূষণক লৈ কঠোৰ হৈছে সেউজ ন্যায়াধিকৰণ ৷ মহানগৰীৰ বায়ু প্ৰদূষণক লৈ গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে সেউজ ন্যায়াধিকৰণে । মহানগৰীত চলি থকা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সময় সীমা বান্ধি দিলে সেউজ ন্যায়াধিকৰণে । উল্লেখ্য যে, বিগত কেইবাদিন ধৰি মহানগৰীত বৃদ্ধি পাইছিল বায়ু প্ৰদূষণ (Air pollution in Guwahati) ৷ বায়ুৰ গুণমান সূচাংক অতিক্ৰম কৰিছিল বিপদ সীমা ৷ যাক লৈ উদ্বিগ্ন হৈ পৰিছিল চিকিৎসা বিভাগ ৷
মহানগৰীত অভাৱনীয় হাৰত বৃদ্ধি পোৱা বায়ু প্ৰদূষণক লৈ গুৱাহাটীৰ খাৰঘুলিৰ হিমাংশু নাথ নামৰ এজন সচেতন লোকে ৰুজু কৰিছিল এটা গোচৰ (Green Tribunal ruled on air pollution) ৷ সেই গোচৰৰ ৰায় প্ৰদান কৰি সেউজ ন্যায়াধিকৰণে গুৱাহাটীকে ধৰি ৰাজ্যৰ অন্যান্য নগৰৰ ক্ৰমবৰ্ধমান প্ৰদূষণ সন্দৰ্ভত চিন্তা ব্যক্ত কৰে । মহানগৰীত চলি থকা নিৰ্মাণকাৰ্যই সৃষ্টি কৰা প্ৰদূষণৰ ওপৰত নজৰ ৰাখিবলৈ মুখ্য সচিবৰ নেতৃত্বত উচ্চ পৰ্যায়ৰ কমিটী গঠনৰ নিৰ্দেশ দিছে ।
কমিটীত থাকিব গুৱাহাটী পৌৰনিগমৰ আয়ুক্ত, GMDA চি ই অ, লোকনিৰ্মাণ বিভাগ আয়ুক্ত আৰু সচিব উদ্যোগ আৰু বাণিজ্য বিভাগ আয়ুক্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আঞ্চলিক বিষয়া আৰু মুখ্য সচিবে মনোনীত কৰা নগৰৰ বাসিন্দা ৷ আনহাতে মহানগৰীৰ বিভিন্ন স্থানত চলি থকা নিৰ্মাণকাৰ্য নিৰ্দিষ্ট সময়ৰ ভিতৰত শেষ কৰিবলৈ নিৰ্দেশ দিয়ে সেউজ ন্যায়াধিকৰণে (Green Tribunal ruled on air pollution in Guwahati)।