গুৱাহাটী, 29 আগষ্ট : শনিবাৰে জালুকবাৰী আৰক্ষীৰ জালত পৰে এটা কুখ্যাৎ চোৰৰ দল । চোৰৰ দলটোৰ পৰা জব্দ হয় লক্ষাধিক টকা মূল্যৰ কাঁহ-পিতলৰ চুৰি সামগ্ৰী । অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি জালুকবাৰী-মালিগাঁও অঞ্চলত চুৰিকাণ্ড সংঘটিত কৰি আহিছিল এই চোৰৰ দলটোৱে । ইফালে অঞ্চলটোত চুৰিকাণ্ডৰে ত্ৰাসৰ সৃষ্টি কৰা টকলা নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জালুকবাৰী আৰক্ষীয়ে ।
জালুকবাৰী আৰক্ষীৰ জালত গভাইত চোৰৰ দল - কুখ্যাৎ চোৰৰ দল
দীৰ্ঘদিন ধৰি জালুকবাৰী-মালিগাঁও অঞ্চলত চুৰিকাণ্ড সংঘটিত কৰি আহিছিল এটা চোৰৰ দলে । অঞ্চলটোত চুৰিকাণ্ডৰে ত্ৰাসৰ সৃষ্টি কৰা টকলা নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জালুকবাৰী আৰক্ষীয়ে ।
robber arrested
এই টকলাৰ নেতৃত্বতে চলি আহিছিল চুৰিকাণ্ড । শেহতীয়াকৈ মহানগৰীৰ বৰিপাৰাৰ বিউটী ৰাজবংশী নামৰ এগৰাকী মহিলাৰ ঘৰৰ পৰা ১ লাখ টকা মূল্যৰ কাঁহ-পিতলৰ সামগ্ৰী চুৰি কৰি বিক্ৰী কৰিছিল আদাবাৰীৰ এটা ডেম্পত । মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনিটাকৈ চোৰ । লগতে জালুকবাৰী আৰক্ষীয়ে আটক কৰিছে ডেম্পৰ মালিক আইনুল হকক ।
লগতে পঢ়ক :বঙাইগাঁৱত জৈৱ বৈচিত্ৰ উদ্যানৰ আধাৰশিলা স্থাপন বন মন্ত্ৰীৰ