অসম

assam

ETV Bharat / state

বস্তিত শিক্ষাৰ পোহৰ বিলাইছে গুৱাহাটীৰ এজাক যুৱক-যুৱতীয়ে - গুৱাহাটী

যুৱতীগৰাকীয়ে বস্তিৰ এই শিশুসকলৰ পঢ়া-শুনাৰ যত্ন লোৱাৰ লগতে অন্যান্য দিশৰ প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে ৷ প্ৰথমাৱস্থাত অকলেই গ্ৰহণ কৰা এই প্ৰচেষ্টাত বৰ্তমান জুলিক সংগ দিছে আন কেইবাগৰাকীও যুৱক-যুৱতীয়ে ৷

বস্তিৰ শিশুক পোহৰৰ বাট দেখুওৱা জুলি

By

Published : Mar 17, 2019, 6:19 AM IST

গুৱাহাটী, 17 মাৰ্চঃগুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাষতে থকা এটা বস্তি ৷ এই বস্তি অঞ্চলটোলৈ প্ৰতিদিনে আহে জুলি কাকতি নামৰ এইগৰাকী কলেজীয়া ছাত্ৰী ৷ দুমাহ পূৰ্বে বস্তিটোলৈ আহি শিশুসকলৰ শিক্ষাকলৈ উদ্বিগ্ন হৈ পৰিছিল যুৱতীগৰাকী ৷

বস্তিত শিক্ষাৰ পোহৰ বিলাইছে গুৱাহাটীৰ এজাক যুৱক-যুৱতীয়ে
বস্তিৰ কণমানিহঁতে বিদ্যালয়লৈ যায় যদিও নাছিল শিক্ষাৰ প্ৰতি বিশেষ আগ্ৰহ ৷ সেয়ে নিজৰ ধন খৰচ কৰিয়েই জুলিয়ে গ্ৰহণ কৰিলে কণমানিহঁতক পঢ়োৱাৰ দায়িত্ব ৷ যুৱতীগৰাকীয়ে বস্তিৰ এই শিশুসকলৰ পঢ়া-শুনাৰ যত্ন লোৱাৰ লগতে অন্যান্য দিশৰ প্ৰতিভাৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে ৷প্ৰথমাৱস্থাত অকলেই গ্ৰহণ কৰা এই প্ৰচেষ্টাত বৰ্তমান জুলিক সংগ দিছে আন কেইবাগৰাকীও যুৱক-যুৱতীয়ে ৷ প্ৰতিদিনে তেওঁলোকে 40গৰাকীকৈ শিশুক শিক্ষাদান কৰি আহিছে ৷ পাঠ্যপুথিৰ লগতে গীত-মাত, খেল-ধেমালিৰ জৰিয়তে কণমানিকেইটাৰ শাৰীৰিক-মানসিক বিকাশৰ বাবে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াইছে এইসকল যুৱক-যুৱতী ৷প্ৰথমাৱস্থাত জুলিৰ এই প্ৰচেষ্টাৰ প্ৰতি শিশুহঁতে আগ্ৰহ দেখুওৱা নাছিল যদিও বৰ্তমান জুলীৰ লগতে আন যুৱক-যুৱতীসকলৰ সান্নিধ্যত আনন্দিত কণমানিহঁতো ৷ অধ্যয়নৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বস্তিৰ এই শিশুহঁতে নিজ প্ৰতিভা দেখুৱাবলৈ সুবিধা লাভ কৰিছে ৷কণমানিহঁতক বস্তিৰ সীমাবদ্ধতাৰ পৰা জীৱনৰ সেউজীয়া বাটৰ সন্ধান দিয়া জুলী কাকতিৰ লগতে তেওঁৰ সংগীসকলৰ এই প্ৰচেষ্টা নিশ্চয়কৈ প্ৰশংসনীয় ৷ আত্মকেন্দ্ৰিকতাই গ্ৰাস কৰা সমাজখনত জুলিহঁতৰ দৰে যুৱক-যুৱতী হৈ উঠক সকলোৰে বাবে আদৰ্শ ৷

ABOUT THE AUTHOR

...view details