অসম

assam

ETV Bharat / state

গুৱাহাটী আৰক্ষীৰ জালত ডকাইতৰ বৃহৎ দল - A group of robbery arrested by basistha police

মহানগৰীৰ লালমাটিত গ্ৰেপ্তাৰ ৯ দুধৰ্ষ ডকাইত ৷ বশিষ্ঠ থানাৰ আৰক্ষী আৰু ক্ৰাইমব্ৰাঞ্চে যুটীয়া অভিযানত গ্ৰেপ্তাৰ কৰে ডকাইতকেইটাক ৷

A group of robbery arrested by basistha police
গুৱাহাটীৰ বশিষ্ঠথানাৰ আৰক্ষীৰ জালত ডকাইতৰ বৃহৎ দল

By

Published : Jan 28, 2020, 7:01 PM IST

গুৱাহাটী , 28 জানুৱাৰী :মহানগৰীৰ লালমাটিত সোমবাৰে নিশা গ্ৰেপ্তাৰ হয় ৯ দুধৰ্ষ ডকাইত । ক্ৰাইমব্ৰাঞ্চ আৰু বশিষ্ঠ থানাৰ আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ ধৃত ডকাইত কেইটা । লালমাটিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চঞ্চলধাবাৰ সমীপত এখন ট্ৰাকৰ পৰা বশিষ্ঠ থানাৰ আৰক্ষীয়ে ডকাইতকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । অভিযানকালত আৰক্ষীয়ে জব্দ কৰে কেইবাখনো চোকা অস্ত্ৰ । ধৃত ডকাইতকেইটাই হকী ষ্টেডিয়ামৰ ওচৰত ডকাইতি কৰাৰ পৰিকল্পনা কৰিছিল বুলিও আৰক্ষীয়ে মন্তব্য কৰে ৷

গুৱাহাটীৰ বশিষ্ঠথানাৰ আৰক্ষীৰ জালত ডকাইতৰ বৃহৎ দল

ধৃত ডকাইত কেইজন হ'ল আব্দুল মাজিদ, অনুৱাৰ ইছলাম, আমিনুলে ইছলাম, ইক্রাবুল আলি, গুলজাৰ হুছেইন, হানিফ আলি, লোকমাৰ হুছেইন, চাহিল হুছেইন আৰু আটাবুৰ আলি ৷ উল্লেখ্য যে হানিফ আৰু আটোৱাৰ জাগীৰোডৰ বিষ্ণু মন্দিৰ চুৰিকাৰ্যটো জড়িত আছিল ৷ ডকাইতি কৰিবলৈ ব্যৱহাৰ কৰা বাহন খনৰ নং AS01CC5179 ৷

আৰু পঢ়ক : মহানগৰীত গুন্দা টেক্সৰ বিৰুদ্ধে ওলাই আহিল মেজিক চালক

ABOUT THE AUTHOR

...view details