গুৱাহাটী, ২৩ জুলাই : ক'ভিড পৰিস্থিতিৰ বাবে অব্যাহত থকা সান্ধ্য আইনৰ মাজতে গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে চুৰি-ডকাইটি তথা লুটপাটৰ ঘটনা। সমান্তৰালভাৱে কাঠফুলাৰ দৰে গজি উঠা একাংশ ৱেব প'ৰ্টেলৰ সাংবাদিকৰ বিৰুদ্ধেও ধন দাবী তথা লুটপাট চলোৱা ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে । শেহতীয়াকৈ তেনে এক ঘটনা পোহৰলৈ আহিছে সোণাপুৰত ৷
ঘটনাটো সংঘটিত হৈছে সোনাপুৰ থানাৰ অন্তৰ্গত বৰ্ণিহাটৰ পোন্ধৰ মাইলত । ঘটনাৰ বিৱৰণ মতে, বৃহস্পতিবাৰে নিশা ৰীতা দে নামৰ এগৰাকী মহিলাৰ পোন্ধৰ মাইলত থকা দোকান ত তিনিগৰাকী যুৱতীসহ চাৰি জনীয়া এটা যুৱকৰ দল প্ৰৱেশ কৰে ৷ জানিব পৰা মতে AS-০১AW-৩৬২৬ নম্বৰৰ এখন চাৰিচকীয়া বাহনত আহিছিল দলটো ৷
যুৱক-যুৱতীৰ দলটোৱে মহিলাগৰাকীৰ দোকান ঘৰত প্ৰৱেশ কৰি ভয়-ভাবুকিৰে 10 হাজাৰ টকা দাবী কৰে ৷ দোকান তথা হোটেল খনৰ গৰাকী ৰীতা দেই জানিবলৈ দিয়া মতে, প্ৰথমে যুৱক-যুৱতীৰ দলটোৱে নিজকে সাংবাদিক বুলি পৰিচয় দিয়ে ৷ ইয়াৰ পাচতে হোটেলখনত লুটপাট আৰম্ভ কৰে আৰু নগদ দহ হাজাৰ টকা কাঢ়ি লৈ যায় বুলি সদৰি কৰিছে মহিলা গৰাকীয়ে ৷