অসম

assam

ETV Bharat / state

মহানগৰীৰ কাহিলীপাৰাত আই টেন বাহন দুৰ্ঘটনাগ্ৰস্ত - এখন আই টেন বাহনে

মহানগৰীৰ কাহিলীপাৰাত সোমবাৰে নিশা ভয়াৱহ দুৰ্ঘটনা। প্ৰথমে নিয়ন্ত্ৰণ হেৰুৱাই এখন আই টেন বাহনে খুন্দিয়ালে ডিভাইডাৰত। ইয়াৰ পিছতে দপদপকৈ জ্বলি উঠে বাহনখন। কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ গৰাকীৰ।

মহানগৰীৰ কাহিলীপাৰাত আই টেন বাহন দুৰ্ঘটনাগ্ৰস্ত
মহানগৰীৰ কাহিলীপাৰাত আই টেন বাহন দুৰ্ঘটনাগ্ৰস্ত

By

Published : Nov 10, 2020, 5:37 PM IST

গুৱাহাটী, ১০ নৱেম্বৰ: মহানগৰীৰ ৰাজপথত জ্বলিল হুণ্ডাই আই টেন বাহন। কাহিলীপাৰা-লখৰা সংযোগী দক্ষিণ গাওঁ পথত প্ৰথমে ডিভাইডাৰত খুন্দিয়ায় তীব্ৰবেগী বাহনখনে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে জ্বলি যায় আই টেন বাহনখন। মুহূৰ্ততে বাহনখনৰ বাহিৰ-ভিতৰ সকলো জুয়ে আগুৰি ধৰে। ডিভাইডাৰত খুন্দিওৱা বাবে বাহনখনৰ সন্মুখ ভাগ নষ্ট হয়। টায়াৰ, ভিতৰৰ আসন আদি নিমিষতে ছাঁই হৈ যায়। এই ভয়াৱহ দুৰ্ঘটনাত বাহনখনৰ গৰাকী গুৰুতৰভাৱে আহত হয়। বৰ্তমান তেওঁ হায়াত হাস্পতালত চিকিৎসাধীন হৈ আছে।

আনহাতে, নৱ নিৰ্মিত পথটোত স্পীড ব্ৰেকাৰ নথকাৰ বাবে দিনেক দিনে দুৰ্ঘটনা বৃদ্ধি পাবলৈ লৈছে বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

লগতে পঢ়ক:অতি শীঘ্ৰেই বিজেপিত যোগ দিব সাংসদ বিশ্বজিৎ দৈমাৰীয়ে

ABOUT THE AUTHOR

...view details