ফেনীৰ প্ৰভাৱঃ প্ৰশাসনৰ জৰুৰী বৈঠক - etv bharat assam
দেশৰ কেইবাখনো ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰা ফেনীকলৈ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগসমূহো সষ্টম হৈ পৰিছে ৷ সম্ভাব্য দুৰ্যোগ ৰোধ তথা জনসাধাৰণক সজাগ কৰিবলৈ সাজু হৈছে বিভাগীয় কৰ্তৃপক্ষ ৷
![ফেনীৰ প্ৰভাৱঃ প্ৰশাসনৰ জৰুৰী বৈঠক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3186238-385-3186238-1556955390398.jpg)
ফেনীৰ প্ৰভাৱঃ প্ৰশাসনৰ জৰুৰী বৈঠক
গুৱাহাটী, 4 মে' : অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগত অনুষ্ঠিত হৈছে জৰুৰী বৈঠক। বৈঠকত অসম চৰকাৰৰ প্ৰতিটো বিভাগৰ বিষয়াসকল উপস্থিত আছে ৷ উল্লেখযোগ্য যে অসমতো ফেনীৰ কিছু প্ৰভাৱ পৰিব বুলি আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞানীসকলে ৷ সেয়ে সম্ভাব্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ অনুষ্ঠিত কৰা হৈছে এই বৈঠকৰ ৷