গুৱাহাটী, ২৭ নৱেম্বৰ: ঘৰে ঘৰে বিশুদ্ধ পানী যোগানৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে জলজীৱন মিছন। খোৱাপানীৰ সমস্যাৰ পৰা গ্ৰামাঞ্চলৰ ৰাইজক পৰিত্ৰাণ দিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ বাবে সুকীয়া পানীৰ টেপৰ ব্যৱস্থা কৰিব চৰকাৰে । শুক্ৰবাৰে মহানগৰীৰ হোটেল লিলিত আয়োজিত এক অনুষ্ঠানত জলজীৱন মিছন আঁচনি উদ্বোধন কৰি এই প্ৰকাশ কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ।
আঁচনিখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি তেওঁ কয় যে, ২০২৪ চনৰ ভিতৰত ৰাজ্যৰ গ্ৰামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ গৃহত একোটাকৈ কাৰ্যক্ষম পানীৰ টেপ সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে । ইয়াৰ দ্বাৰা পৰ্যাপ্ত পৰিমাণৰ আৰু বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্য স্থিৰ কৰিছে বিভাগটোৱে । এই পানী যোগান আঁচনিৰ অধীনত কাম কৰিব পৰাকৈ একাংশ নিবনুৱা যুৱকক বিভিন্ন বিষয়ৰ কাৰিকৰী দক্ষতা বিকাশৰ বাবে প্ৰশিক্ষণ প্ৰদানৰো পদক্ষেপ হাতত লৈছে ।