গুৱাহাটী, ১৬ নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হৈছে। জাফাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু কামৰূপ জিলা মহানগৰ শাখাৰ সহযোগত দিছপুৰ প্ৰেছক্লাবত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। দিনে-নিশাই বাতৰি সংগ্ৰহ কৰি ৰাইজৰ সুবিধাৰ্থে প্ৰচাৰ কৰি অহা সাংবাদিকসকলৰ প্ৰতি সন্মান জনাই কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকসহ ১১গৰাকী লোকক সম্বৰ্ধনা জনোৱা হয়।
জাফাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন - দিছপুৰ প্ৰেছক্লাবত
দিশপুৰ প্ৰেছ ক্লাবত জাফাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন । কেইবগৰাকীও সাংবাদিকক সম্বৰ্ধনা জনালে জাফাৰ কেন্দ্ৰীয় সমিতিয়ে । সাংবাদিকসকলৰ নিৰাপত্তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জাফাৰ নেতৃত্বৰ ।
![জাফাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন জাফাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9560893-thumbnail-3x2-ggg.jpg)
এই অনুষ্ঠানতে কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যু আৰু দক্ষিণ কামৰূপৰ সাংবাদিক মিলন মহন্তক দুৰ্বৃত্তই কৰা অত্যাচৰক লৈ ক্ষোভ উজাৰে জাফাৰ নেতৃত্বই৷ লগতে সাংবাদিক সকলৰ সুৰক্ষাৰ দিশটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ দাবী জনায়৷ অনুষ্ঠানত উপস্থিত থাকে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, সাংবাদিক দিগন্ত কুমাৰ নাথ, চন্দ্ৰ শইকীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। সাংবাদিকসকলক বাধা নেওচি কৰ্তব্য পালন কৰি যাবলৈ উত্সাহ যোগায় জাফাৰ কেন্দ্ৰীয় সমিতিয়ে।
লগতে পঢ়ক:গুৰুত্বহীনতাত ভগ্নাৱশেষলৈ পৰিণত আমগুৰিৰ এখন সমবায় সমিতি