অসম

assam

By

Published : Nov 20, 2020, 4:18 PM IST

ETV Bharat / state

মহানগৰীত ১০৮ এম্বুলেঞ্চ সেৱাৰ কৰ্মীৰ প্ৰতিবাদ

প্ৰাপ্যৰ দাবীত মহানগৰীত প্ৰতিবাদত নামিল ১০৮ এম্বুলেঞ্চ সেৱাৰ কৰ্মী। চাকৰি নিয়মীয়াকৰণৰ দাবীত তীব্ৰ প্ৰতিবাদ। মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ মাজত নিষ্ঠাৰে কৰ্তব্য পালন কৰাৰ পিছতো চৰকাৰে প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ প্ৰতিবাদকাৰীৰ।

১০৮ এম্বুলেঞ্চ সেৱাৰ কৰ্মীৰ প্ৰতিবাদত উত্তাল মহানগৰী
১০৮ এম্বুলেঞ্চ সেৱাৰ কৰ্মীৰ প্ৰতিবাদত উত্তাল মহানগৰী

গুৱাহাটী, ২০ নৱেম্বৰ: সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ ৰাজপথ। চৰকাৰে প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি ক্ষুদ্ধ হৈ পৰে এম্বুলেঞ্চ সেৱাৰ কৰ্মীসকল। বাৰম্বাৰ চৰকাৰক চাকৰি নিয়মীয়াকৰণৰ বাবে আহ্বান জনাই অহাৰ পিছতো গুৰুত্ব নিদিয়াত শুক্ৰবাৰে এম্বুলেঞ্চ সেৱাত ব্ৰতী হৈ থকা এম্বুলেঞ্চ চালক, টেকনিছিয়ান আৰু কল অপাৰেটৰসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, 'আমি ১২ বছৰ ধৰি ১০৮ এম্বুলেঞ্চ সেৱাৰ সৈতে জডিত হৈ আছে৷ এই সেৱা আৰম্ভ হোৱাৰে পৰা বিভিন্ন ধৰণৰ ৰোগীক চোৱা-চিতা কৰিছো৷ কৰ'ণা মহামাৰীৰ সময়তো যোদ্ধা হিচাপে কাম কৰিছো৷ এই সময়ছোৱাত সকলো ৰোগী অনা-নিয়া আমি কৰিছো৷ নিতৌ ৮-১০ ঘণ্টা পৰ্যন্ত পি পি কিট পিন্ধি কাম কৰিছো৷ কিন্তু ইমানৰ পাছতো চৰকাৰে আমাক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিছে৷ আমি প্ৰাপ্য হিচাপে যি খিনি পাব লাগিছিল, সেয়া নাই পোৱা৷'

অন্য চৰকাৰী বিভাগসমূহত কৰ্মচাৰীৰ বাবে বিভিন্ন নতুন পদক্ষেপ গ্ৰহণ কৰি আছে ৷ কিন্তু ক'ভিড যোদ্ধা হিচাপে কাম কৰি এই কৰ্মীসকলে চৰকাৰৰ পৰা একোৱেই নাপালে বুলিও ক্ষোভ উজাৰে৷ শীঘ্ৰে চাকৰি নিয়মীয়া কৰিবলৈ আৰু আন চৰকাৰী কৰ্মচাৰীৰ দৰে সমমৰ্যাদা দিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে। উল্লেখ্য যে ৰাজ্যত বৰ্তমান ৩০০০ কৰ্মচাৰী ১০৮ এম্বুলেঞ্চ সেৱাত নিয়োজিত হৈ আছে৷ কিন্তু নিষ্ঠাৰে দায়িত্ব পালন কৰাৰ পিছতো প্ৰাপ্য নাপাই হতাশ হৈ পৰিছে কৰ্মচাৰীসকল।

লগতে পঢ়ক:নগাঁৱৰ লাচিতপুৰত এজন যুৱকক চুৰিৰে আক্ৰমণ কৰি হত্য়াৰ অপচেষ্টা

ABOUT THE AUTHOR

...view details