গুৱাহাটী ১১ ছেপ্টেম্বৰ :গুৱাহাটী মহানগৰীৰ লখৰাত অৱস্থিত কেন্দ্ৰীয় কাৰাগাৰত সোমবাৰে উপস্থিত হয় পাঁচজনীয়া এটা বিধায়কৰ দল । DEPARTMENTALLY RELATED STANDING COMMITTEE (DRSC) ৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত উপস্থিত হয় প্ৰতিনিধিৰ দলটো । দলটোত আছিল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ লগতে শিবু মিশ্ৰ, তেৰছ গোৱালা, উৎপল বৰা আৰু দিগন্ত বৰ্মনৰ উপৰিও গৃহ বিভাগৰ সচিব বিশ্বজিৎ পেগু ।
উপস্থিত হোৱা দলটোৱে কাৰাগাৰৰ ভিতৰৰ চৌহদ পৰিদর্শন কৰাৰ লগতে কয়দী-হাজতি সকলৰ লগতো মত বিনিময় কৰে । ইয়াৰ পিচতে DRSC ৰ অধ্যক্ষ তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে পূৰ্বতকৈ যথেষ্ট ভাল অৱস্থালৈ আহিছে মহানগৰীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰিৱেশ । শিল্পকলাৰ দিশটোতো গুৰুত্ব দিছে বিভাগে আৰু তাৰ সমান্তৰালকৈ শিল্পকলাৰ লগত জড়িত কাৰাবন্দীসকলক মজুৰি দিয়াৰ উপৰিও প্ৰস্তুত কৰা সামগ্ৰীসমূহ বিক্ৰীৰ ব্যৱস্থাও কৰা হৈছে ।