অসম

assam

ETV Bharat / state

জালুকবাৰীত দাউদাউকৈ জ্বলিল পথৰ দাঁতিত ৰখাই থোৱা বাহন

গুৱাহাটীত অঘটন ৷ পথৰ দাঁতিত ৰখাই থোৱা বাহনত অগ্নিকাণ্ড ৷ দাউদাউকৈ জ্বলি উঠিল পথৰ দাঁতিত ৰখাই থোৱা এখন বাহন ৷

a-fire-broke-out-in-a-vehicle-parked-on-the-side-of-the-road-in-jalukbari
জালুকবাৰীত পথৰ দাতিত ৰখাই থোৱা বাহনত অগ্নিকাণ্ড

By

Published : Nov 15, 2020, 8:34 AM IST

গুৱাহাটী, 15 নৱেম্বৰ : ৰাজ্যবাসীয়ে দীপাৱলী উদযাপন কৰাৰ সময়তে মহানগৰৰীৰ জালুকবাৰীত শনিবাৰৰ নিশা এক অঘটন সংঘটিত হয় ৷ পথৰ দাঁতিত ৰখাই থোৱা এখন টাটা মেজিক দাওদাওকৈ জ্বলি উঠাৰ ফলত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় ৷ কিন্তু সৌভাগ্যক্ৰমে উক্ত অঘটনত কোনো লোক হতাহতি হোৱা নাই ৷ পৰৱৰ্তী সময়ত জালুকবাৰী আৰক্ষী উক্ত স্থানত উপস্থিত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

কৰ্তব্যৰত আৰক্ষীৰ মন্তব্য

ইফালে, যান্ত্ৰিক বিজুতিৰ বাবে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে আৰক্ষীয়ে । এই অগ্নিকাণ্ডত কথমপি প্ৰাণৰক্ষা পৰে মেজিকখনৰ চালক-হেণ্ডিমেন । অগ্নিকাণ্ড সংঘটিত হোৱা মেজিকখনৰ নম্বৰ AS01-HC-7224 বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :কৰ্মৰ মাজতেই দিপাৱলী উদযাপন অগ্নিনিৰ্বাপক আৰু আপাতকালীন সেৱাৰ কৰ্মচাৰীৰ

ABOUT THE AUTHOR

...view details