দিছপুৰ, 24 জুনঃ ফেচবুকৰ জৰিয়তে শ্বেইখ হৃদি নামৰ এজন যুৱকৰ সৈতে চিনাকী হোৱাৰ পিচত ভাৰতলৈ মাতি পঠিওৱা হৈছিল ঢাকা মিৰপুৰৰ মহিলাগৰাকীক ৷ গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ পিচতে মহিলাগৰাকীক প্ৰথমে দাৰ্জিলিঙলৈ লৈ যোৱা হয় আৰু তাৰ পিচতে এখন হোটেলত যুৱকজনে মহিলাগৰাকীক ধৰ্ষণৰ চেষ্টা কৰে যদিও নিজৰ অসৎ উদ্দেশ্য পূৰণ কৰিব নোৱাৰি পুনৰ মহিলাগৰাকীক গুৱাহাটীলৈ লৈ যোৱা হয় ৷ কিন্তু গুৱাহাটীত এই চেষ্টা সফল নোহোৱাত কলকাতালৈ লৈ যোৱা সময়ত মাজ বাটতে মহিলাগৰাকী শুই থকাৰ সুযোগ লৈ চাৰি লাখ টকাৰ সোণৰ অলংকাৰ আৰু 30 হাজাৰ টকা নগদ ধন লুটি ৰে’লৰ পৰা পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে ৷
যুৱকৰ বিৰুদ্ধে ভুৱা পাছপৰ্ট বনোৱাৰ অভিযোগ বাংলাদেশী মহিলাৰ - etv bharat
দিছপুৰ থানাত গোচৰ ৰুজু এগৰাকী বাংলাদেশী মহিলাৰ ৷ গোচৰ ৰুজু কৰাৰ কাৰণ হ'ল এগৰাকী অসমীয়া যুৱক ৷
যুৱকৰ বিৰুদ্ধে ভুৱা পাছপৰ্ট বনোৱাৰ অভিযোগ বাংলাদেশী মহিলাৰ
কেৱল এয়াই নহয়, যুৱকজনে ভাৰতত ভুৱা পাছপৰ্ট বনোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ লগতে, এন আৰ চিত নাম নাথাকিলেও যুৱকজনে নাম পঞ্জীয়ন কৰিব বাৰে বুলিও অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে ৷
কিন্তু কিমান সত্য এই অভিযোগ ৷ তদন্তৰ পিচতহে পোহৰলৈ আহিব সকলো তথ্য ৷