গুৱাহাটী,18 জানুৱাৰী : এইবাৰ অসমৰ অ-পেছাদাৰী নাট্যক্ষেত্ৰখনত খোজ দিব নিজৰ কাম-কাজৰ দ্বাৰা সদায় নতুনত্ব বহন কৰা গুৱাহাটা প্ৰেছ ক্লাবৰ নতুন সমিতিখনে ৷ গুৱাহাটীৰ সংবাদকর্মীসকলৰ দ্বাৰা শীঘ্ৰেই মঞ্চস্থ হ'ব এখন পূর্ণাংগ নাটক ৷ সাংবাদিকসকলে সংবাদ সেৱা আগবঢ়াই থাকোঁতে কেনেধৰণৰ কিছুমান অতি সংবেদনশীল বিষয়ৰ মুখামুখি হ'ব লগা হয় তাৰেই আধাৰত লিখি উলিওৱা এখন নাটক মঞ্চস্থ কৰিব গুৱাহাটী প্ৰেছ ক্লাৱৰ সদস্য সকলে ৷ সাম্প্ৰতিক সময়ৰ এগৰাকী সচেতন নাট্যকাৰ ঋতুপর্ণ দাসে লিখি উলিয়াইে মঞ্চস্থ হ'বলগীয়া "ইত্যাদি" নামৰ নাটক খন ৷ বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ "খোজৰ শব্দ" (পাছত প্ৰেমহীনতা নামেৰেও প্ৰকাশিত) আৰু সত্ৰৰ দশকৰ প্ৰগতিশীল শিবিৰৰ কবি-গল্পকাৰ তথা প্ৰয়াত সাংবাদিক পুতুল হাজৰিকাৰ 'বুকুত কাঁইটৰ খোচ' নামৰ গল্প দুটিৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই নতুন নাটখন ৰচনা কৰিছে নাট্যকাৰ গৰাকীয়ে ৷ তেৱেঁই নাটখন পৰিচালনাও কৰিব বুলি জনাইছে প্ৰেছ ক্লাৱৰ সদস্য সকলে ৷
সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত 'ইত্যাদি'ৰ শুভ মহুৰত সম্পন্ন হয় ৷ অসমৰ চিনেমা আৰু নাট্যক্ষেত্ৰৰ বলিষ্ঠ আৰু জনপ্ৰিয় অভিনেতা তপন দাস আৰু নতুন দিল্লীস্থিত ইণ্ডিয়ান ইন্সটিটিউট অব মাছ কমিউনিকেশ্যনছৰ অধ্যাপক শাশ্বতী গোস্বামীয়ে শুভ মহুৰত কার্য সম্পাদন কৰে ৷ তপন দাসে নাটখনৰ এটি সংলাপ কৈ নাটখনে দর্শকৰ মন-মগজুক জোকাৰি যাব বুলি আশা প্ৰকাশ কৰে ৷ লগতে শাশ্বতী গোস্বামীয়ে "ঋতুপর্ণৰ নাটকে সদায়ে এক নতুনত্ব বহন কৰে ৷ তেওঁৰ পৰিচালনা ৰীতিও সুকীয়া ৷ নিজস্ব বৈশিষ্ট্যপূর্ণ" বুলি মন্তব্য কৰে ৷ শুভ মহুৰত অনুষ্ঠানত উপস্থিত থাকি সাংবাদিক গৌতম শর্মাইয়ো ঋতুপর্ণ দাসৰ নাটকৰ ভূয়সী প্ৰশংসা কৰে ৷